অসাধু ব্যৱসায়ীয়ে অধিক মূল্য ল’ব নোৱাৰিব-মহানগৰীত পাচলিৰ নিৰ্দিষ্ট মূল্য নিৰ্দ্ধাৰণ

0 248

গণ সংক্ৰমণৰ পৰা মহানগৰ বাসী ৰাইজক সুৰক্ষা দিবলৈ মহানগৰীত ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছিল। ইয়াৰ মাজত ৬আৰু ৮জুলাইত শাক-পাচলি ফলমূল বিক্ৰীৰ বাবে মহানগৰ প্ৰশাসনে অনুমতি দিয়ে। লকডাউনৰ সময়ছোৱাত শাক পাচলিৰ ক্ষেত্ৰত একাৎশ অসাধু ব্যৱসায়ীয়ে যিধৰণৰ মুনাফা লুটাৰ চেষ্টা কৰিছে সেইক্ষেত্ৰত নাকী লগাবলৈ চেষ্টা কৰিছে প্ৰশাসনে। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু উদ্যান শস্য আৰু খাদ্য সংশোধন সঞ্চালকালয়ৰ মাজত ৰবিবাৰে হোৱা বৈঠক খনত হোৱা সিদ্ধান্তমৰ্মে এই নতুন মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে।
 
 
নতুন আলু প্ৰতি কিলো ৩০ টকা, জিকা প্ৰতি কিলো ৩৫ টকা, এটা কোমোৰাত ৩০ টকা, পটল প্ৰতি কিলো ৩০ টকা, লেচেৰা প্ৰতি কিলো ৪০ টকা, কেৰেলা প্ৰতি কিলো ৪০ টকা,ৰঙালাও প্ৰতি কিলো ২০ টকা, ভেন্দি প্ৰতি কিলো ৩০ টকা, বন্ধাকবি প্ৰতি কিলো ৩০ টকা, জলকীয়া প্ৰতি কিলো ৬০ টকা,গাজৰ প্ৰতি কিলো ৯০ টকা, ফ্ৰেঞ্চ বীন প্ৰতি কিলো ৯০ টকা, ভোল প্ৰতি কিলো ৩০ টকা, তিয়ঁহ প্ৰতি কিলো ৩০ টকা, জাতি লাও এটাত ৩৫ টকা, মটৰ প্ৰতি কিলো ৮৫ টকা, নেমু এটাত ৩ টকা, বেঙেনা প্ৰতি কিলো ৪০ টকা, ভাতকেৰেলা প্ৰতি কিলো ৪৬ টকা, ধনীয়া পাত মুঠিত ৫টকা, কেপচিকাম প্ৰতি কিলো ৮০ টকা, ওলকবি প্ৰতি কিলো ৪০ টকা, বিলাহী প্ৰতি কিলো ৫০ টকা, কচু প্ৰতি কিলো ৪০ টকা, ধুন্দুলী প্ৰতি কিলো ৩০ টকা, স্কোৱাচ প্ৰতি কিলো ৫০ টকা, মূলা প্ৰতি কিলো ৩৫ টকা আৰু কুন্দুলী প্ৰতি কিলো ৩২ টকা।

Leave A Reply

Your email address will not be published.