পানী যোগান প্ৰকল্প উদ্বোধন

0 212

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কালি জালুকবাৰীৰ সদিলাপুৰত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা ৰূপায়িত জে এন এন ইউ আৰ এমৰ অৰ্থ সাহায্যৰে নিৰ্মিত অভিলাসী দক্ষিণ পশ্চিম গুৱাহাটীৰ পানী যোগানৰ প্ৰকল্পৰ অন্তৰ্গত কামাখ্যা বিতৰণৰ ক্ষেত্ৰৰ অধীনস্থ চাৰিটা জিলাৰ মিটাৰিং অঞ্চলত প্ৰথম পৰ্যায়ৰ কাৰ্যকৰীকৰণ শুভ উদ্বোধন কৰে।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত কাৰ্যকৰীকৰণৰ জৰিয়তে এই প্ৰকল্প অন্তৰ্গত কামাখ্যা বিতৰণৰ ক্ষেত্ৰৰ অধীনস্থ ১,২,৩ আৰু ৪ নং জিলাৰ মিটাৰিং অঞ্চল যথাক্ৰমে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈ এ টি ৰোডৰ সোঁফালৰ অঞ্চল সমূহ,কালিপুৰ,মালিগাঁও চাৰিআলি,কামাখ্যা কলনি সমগ্ৰ পাণ্ডু অঞ্চল,বালিপাৰা,কামাখ্যা নগৰ,পাণ্ডৱ নগৰ,আনন্দ নগৰ,শংকৰ নগৰ,জয়মতী নগৰ,সমগ্ৰ আদাবাৰী ইত্যাদি অঞ্চলত প্ৰতিদিনে ২৪ ঘণ্টাই নিৰ্বছিন্নভাৱে খোৱাপানী উপলব্ধ হ’ব। এই প্ৰকল্প ৰূপায়ণত ৪০৭.৫২ কোটি টকা ব্যয় কৰা হৈছে।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহু দিনীয়া অপেক্ষা অন্তত আজি গুৱাহাটীৰ মহানগৰীত পানী যোগানৰ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ হ’ল। গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বাঞ্চলৰ নহয়,দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য স্থিৰ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ত স্মাৰ্ট চিটি হিচাপে গুৱাহাটীক অন্তৰ্ভুক্ত কৰিছে। গুৱাহাটীয়ে নিজৰ পৰিচয় দাঙি ধৰি ইয়াৰ সৌন্দৰ্যবৰ্দ্বন কৰি পৰ্যটক আকৰ্ষণ কৰিব লাগিব।
গেমন ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলক বিশুদ্ধ আৰু সুনিশ্চিত পানী যোগান অব্যাহত ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে তেতিয়াহে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাব। ইয়াৰ বাবে নিষ্ঠা আৰু সেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ কয়।
সভাত ভাষণ প্ৰদান কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰকল্পটো সফলতাৰে ৰূপায়ন কৰাৰ বাবে জি এম ডি এৰ বিষয়া সকলক আৰু গেমন ইণ্ডিয়াৰ অভিযন্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ লগতে কয় যে এই প্ৰকল্পটো সম্পূৰ্ণ ভাৱে কাৰ্যকৰীকৰণ হৈ উঠিলে প্ৰতিদিনেই ১০ কোটি লিটাৰ পানী যোগান ধৰাটো সম্ভৱ হৈ উঠিব।
এই সভাত সাংসদ কুইন ওজা,জি এম ডি এৰ অধ্যক্ষ অশোক সিংহাল,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,অতিৰিক্ত মুখ্য সচিব মনিগুৰ সিঙেও ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.