পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আই কিউ এ চি, এন এছ এছ তথা পাণ্ডু মহাবিদ্যালয়ৰ আই আই চি আৰু নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও- ইনফৰমেটিক্সৰ দ্বাৰা আয়োজিত ৰিম’ট চেঞ্চিং আৰু জি আই এছ প্রয়োগ কৰি গুৱাহাটীৰ নগৰীয়া বানপানীৰ ওপৰত ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কৰ্মশালাৰ আজি সন্ধিয়া সামৰণি পৰে। কৰ্মশালাত মুঠ ১৬ খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। তেনেদৰে সপ্তাহযোৰা কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন জ্ঞান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰিও ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ জলবায়ু আৰু জ্যোতির্বিজ্ঞান বিশেষজ্ঞ , কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও-ইনফৰমেটিক্সৰ বিজ্ঞানী , গুৱাহাটী বিশ্ববিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ শিক্ষাবিদসকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাত বিষয়টোৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ সামৰি লোৱা হয়। শনিবাৰে কৰ্মশালাৰ অন্তিম দিনটোত দীপৰ বিল আৰু পলাশবাৰীৰ কালমণি নদীলৈ এক ক্ষেত্ৰ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । যাতে নগৰীয়া জলাশয় আৰু নিষ্কাশন ব্যৱস্থাৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিব পাৰি। উল্লেখ্য যে ১৮ নৱেম্বৰত পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্চয় জ্যোতি বৰাই সপ্তাহযোৰা কৰ্মশালাখন উদ্বোধন কৰিছিল । উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ডঃ প্রদীপ কুমাৰ ভট্টাচার্য , নিদিষ্ট বক্তা হিচাপে হাৰিয়ানাৰ ৰোহটকৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিওইনফর্মেটিক্স আৰু নতুন দিল্লীৰ নেট্ৰাৰ একাডেমিকৰ ডিন ডঃ ৰবীন্দ্ৰ নাথ তিৱাৰী উপস্থিত আছিল। কৰ্মশালাত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধানৰ বাবে ৰিম’ট চেঞ্চিং আৰু জি আই এছ পদ্ধতি ব্যৱহাৰ কৰি মুঠ ১৫ টা পৰামৰ্শ আগবঢ়োৱা হৈছে। কৰ্মশালাৰ আহ্বায়ক ডঃ নিৰঞ্জন ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে আয়োজক সকলে চৰকাৰ আৰু অন্যান্য উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ পৰামৰ্শ সমূহ দাখিল কৰিব।
Trending
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ