পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত ” দুৰ্যোগৰ সময়ত পি আৰৰ কাৰ্যকলাপ” শীৰ্ষক আজি ৫ম উত্তৰ পূৰ্বাঞ্চল পি আৰ কনক্লেভ অনুষ্ঠিত কৰা হয়। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই মুখ্য অতিথিৰূপে, নেজফিৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এছ এল এম মুৰ্তী আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিঞ্চিপাল চিফ অপাৰেশ্যনেল মেনেজাৰ উৎপলপৰ্ণা হাজৰিকাই সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি সকলে পাব্লিক ৰিলেশ্ব্যন ছ`ছাইটী অব ইণ্ডিয়া গুৱাহাটী শাখাৰ জাৰ্ণেল “ছেভেন চিষ্টাৰ” ৰ উন্মোচন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে যোৱা বছৰ COVID-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা পি আৰ এছ আইৰ গুৱাহাটী ছেপ্তাৰৰ সদস্য স্বৰ্গীয় আয়ুস্মান দত্ত, যুৱ সাংবাদিক তথা গুৱাহাটী আন্তৰ্জাতিক সংগীত উৎসৱ ( জি আই এম এফ) ৰ প্ৰতিষ্ঠাপক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী স্বৰ্গীয় সনন্ত তাঁতী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় সৃজনৰ মালিক স্বৰ্গীয় আৰ্ফিন জুনেইড ৰহমানৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। এই উপলক্ষে এই বৰ্ষৰ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি জিষ্ণু বৰুৱা (আই এ এছ) এ কয় যে, পি আৰ বৃত্তিধাৰীসকলে সত্য তথ্য প্ৰকাশিত কৰাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য হোৱা উচিত। আমি অতিবাহিত কৰি থকা সংকটৰ সময়ত ই এক গুৰুত্বপূৰ্ণ বিষয়। আনহাতে, বিভিন্ন সংগঠনৰ পি আৰ সকলক সম্বোধন কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ চীফ অপাৰেশ্যনেল মেনেজাৰ উৎপলপৰ্ণা হাজৰিকাই নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত প্ৰতিগৰাকী পি আৰৰ বিশ্বাসযোগ্যতা আৰু সত্য নিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পি আৰ কৰ্মকৰ্তাসকলক সম্বোধন কৰি নেডফিৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এছ এল এম মুৰ্তীয়ে উল্লেখ কৰে যে, কোনো এটা সংগঠনৰ পি আৰ বিভাগটো সংগঠনটোৰ তৃতীয় নেত্ৰ। তেওলোকে মহাভাৰতত ধৃতৰাষ্ট্ৰৰ বাবে সঞ্চয়ে গ্ৰহণ কৰা ভূমিকাৰ দৰে সংগঠনৰ ভূমিকা পালন কৰে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা