পুনৰ চলাচল আৰম্ভ হ’ব উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দুখন এক্সপ্ৰেছ ৰেল

0 238

যাত্ৰীবাহী ৰেল সেৱা ক্ৰমান্বয়ে পুনৰ চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰেলৱেই দুখন এক্সপ্ৰেছ বিশেষ ৰেল সেৱা নিম্নলিখিত বিস্তৃত তথ্য অনুসাৰে পুনৰাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে উত্তৰ পূৱ ৰেলৱেই।
বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰেল নং ০৩২৪৮ ৰাজেন্দ্ৰ নগৰ-কামাখ্যা এক্সপ্ৰেছ বিশেষ ৰেলখনে ৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে ৰাজেন্দ্ৰ নগৰৰ পৰা ২৩.১০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.০৫ বজাত কামাখ্যাত উপস্থিত হ’ব।
সেইদৰে ৰেল নং ০৩২৪৭ কামাখ্যা-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ বিশেষ ৰেলখনে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রতি মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কামাখ্যাৰ পৰা ০৫.০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০৪.৫৫ বজাত ৰাজেন্দ্ৰ নগৰত গৈ উপস্থিত হ’’ব।
এই ৰেলখনে যাত্ৰাৰ উভয় ৰেলপথত গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিগুড়ি জংচন, ঠাকুৰগঞ্জ, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপুৰ জংচন হৈ যাত্ৰা কৰিব বুলি উল্লেখ কৰিছে উঃ পূঃ সীমান্ত ৰেলৱেই।
নং ০৩২৮২ ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্ৰেছ বিশেষ ৰেলখনে ৰাজেন্দ্ৰ নগৰৰ পৰা অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক শনিবাৰে ১৫.০৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। আৰু নং ০৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰনগৰ এক্সপ্ৰেছ বিশেষ ৰেলখনে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক সোমবাৰে ৫.২০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰি আৰু পৰৱৰ্ত্তী দিনৰ ১৩.৪৫ বজাত ৰাজেন্দ্ৰ নগৰত উপস্থিত হ’ব।
এই ৰেলখনে যাত্ৰাৰ উভয় পথতে নিউ তিনিচুকীয়া, নামৰূপ, মৰিয়ণি জংচন, ডিমাপুৰ, ডিফু, লামডিং জংচন, হোজাই, চাপৰমুখ জংচন, জাগীৰোড, গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপৰ জংচন হৈ যাত্ৰা কৰিব বুলি উঃ পূঃ ৰেলেৱে প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

Leave A Reply

Your email address will not be published.