প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে এক পদক্ষেপ

0 1,026

আজিৰ পৰা ৫ দিনমানৰ আগৰ কথা। কাৰ্য্যালয়ৰ কাম কাজৰ তাড়নাত মহানগৰীৰ পৰা নামনি অসমৰ এখন ঠাই অভিমুখে যাত্ৰা কৰিছিলো। যাত্ৰা পথত এটা গুৰুত্বপূৰ্ণ বিষয় দৃষ্টিগোচৰ হৈছিল। সংক্ষেপে যদি কও দৃষ্টিগোচৰ হোৱা গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এনেধৰণৰ- পলিথিন আৰু প্লাষ্টিকজাত সামগ্ৰীৰ আৱৰ্জনা, স্থান-নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত। দৃষ্টিগোচৰ হোৱা এই বিশেষ ঠাইৰ আশে পাশে যদিও মানুহৰ কোনো বসতি নাই, কোনোদিন নজহা নপমা আৱৰ্জনাবিলাকে কিছু কথা ভবাই তুলিলে। যি সময়ত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই প্লাষ্টিকজাত সামগ্ৰী ৰোধ কৰাৰ বাবে সমূহ জনসাধাৰণক সজাগ কৰি এক অভিযানৰ কাৰ্য্যসূচী হাতত লৈছে, সেই সময়তে এনেধৰণৰ দৃশ্যই কিছু ব্যথিত কৰি তুলিলে। ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰলৈ যদি দৃষ্টি দিও পলিথিন নিষিদ্ধ কৰাৰ ক্ষেত্ৰত এশ শতাংশ সফল হৈছে।

আজিৰ লেখাত অসমৰে এনে এখন গাঁৱৰ বিষয়ে জনাব বিচাৰিছো যিখন গাঁৱৰ একাংশ বাসিন্দাই কাগজৰ মোনা প্ৰস্তুত কৰিছে। বজালীৰ বেলনা নামৰ গাঁওখনৰ একাংশ লোক এতিয়া ব্যস্ত হৈ পৰিছে কাগজৰ বিভিন্ন মোনা প্ৰস্তুত কৰাত। ভয়াৱহ পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি প্লাষ্টিক মুক্ত অঞ্চল গঢ়াৰ মানসেৰে তেওঁলোকে এই কাম হাতত লৈছে। জানিব পৰা মতে মা দূৰ্গা নামৰ এটা আত্মসহায়ক গোটে এই কামৰ আগভাগ লৈছে। বজালীৰ বেলনাবাসীৰ এনে কৰ্মই সচেতন মহলৰ মাজত বেচ চৰ্চা লাভ কৰিছে।    

Leave A Reply

Your email address will not be published.