প্ৰগতিশীল কৃষকলৈ দৰং আৰক্ষীৰ সহায়ৰ হাত

0 256

দৰং জিলাৰ সকলো শ্ৰেণীৰ নাগৰিকৰ নিৰাপত্তা আৰু শান্তি সুৰক্ষিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা দৰং জিলা আৰক্ষীয়ে আইন শৃংখলা অটুট ৰখাৰ লগতে গাঞ্জা, ড্ৰাগছ, অবৈধ সুৰা আৰু আন নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা কৰি অহা অসামাজিক অপৰাধী চক্ৰৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী বাহিনীটোক ‘জনসাধাৰণৰ প্ৰকৃত বন্ধু’ হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে ৷ লকডাউনৰ সুদীৰ্ঘ সময়ছোৱাত অসহায় আৰু বিপদগ্ৰস্ত লোক সকললৈ প্ৰয়োজনীয় খাদ্য সম্ভাৰ, জীৱনীদায়ক ঔষধ আদি আগবঢ়াই জিলা আৰক্ষীৰ বিভিন্ন পদমৰ্য্যাদাৰ বিষয়া কৰ্মচাৰী সকলে এক বিৰল দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে ৷
 
 
 
আনহাতে দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই লক ডাউনৰ সময়ছোৱাত অসহায় হৈ পৰা কৃষক সকলৰ প্ৰতিও সহায়ৰ হাত আগবঢ়াই কৃষক সকলক উৎসাহিত কৰিছিল ৷ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত খান্দাজান শিঙিমাৰীৰ প্ৰগতিশীল কৃষক নবাব আলীয়ে বিগত দুটা শস্য উৎপাদনত প্ৰতিকূল বতৰৰ বাবে লোকচানৰ সন্মুখীন হ’ব লগীয়া হোৱাত এইবাৰ কৃষি কাৰ্য আৰম্ভ কৰাত অসহায় হৈ পৰে৷
 
 
বিগত বৰ্ষ বোৰত ষ্ট্ৰবেৰী, কেপচিকাম, তৰমুজ, ৰঙালাও আদিৰ উৎপাদনেৰে জিলাখনতেই এটি সুকীয়া পৰিচয় লাভ কৰিবলৈ সমৰ্থ হোৱা নবাব আলীৰ এই দুৰৱস্থাৰ বিষয়ে অৱগত হৈ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই সোমবাৰে কৃষক গৰাকীক নিজৰ কাৰ্যালয়লৈ আমন্ত্ৰণ জনাই দহ হেজাৰ টকাৰ এটি আৰ্থিক সাহাৰ্য্য আগবঢ়ায় ৷ অসম চৰকাৰৰ শ্ৰেষ্ঠ কৃষকৰ সন্মানেৰে সন্মানিত প্ৰগতিশীল কৃষক ধ্ৰুৱ জ্যোতি শইকীয়াৰ উপস্থিতিত এই সাহাৰ্য্য আগবঢ়ায়৷এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসো উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.