আজি গুৱাহাটীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰাল চৌহদৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ বাবে ২০২৬-২৭ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে ৯টা মাধ্যম আৰু ১৯টা ভাষাক সামৰি প্ৰকাশ কৰা মুঠ ৩.৪২ কোটিখন বিনামূলীয়া পাঠ্যপুথিৰ দ্বাৰা এইবেলি ৪৯.৮৪ লাখ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যপুথি লাভ কৰিব। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ্থীসকলে যাতে সময় মতে পাঠ্যপুথি লাভ কৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ত পাঠ্যপুথি বিতৰণৰ প্ৰক্ৰিয়াত বিভাগীয় বিষয়াসকলক তীক্ষ্ণ নজৰ আৰোপ কৰিবলৈ কোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা চলি আহিছিল যদিও বৰ্তমান চৰকাৰখনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সবল নেতৃত্বত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণৰ পথ অধিক সুচল কৰাৰ বাবে নিজা পুঁজিৰে মাধ্যমিক পৰ্যন্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিয়ে সামগ্ৰিকভাৱে অসমৰ শিক্ষাৰ মান আৰু ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, পৰিচালন সঞ্চালক এছ এন চৌধুৰী, এএছএছ ইবিৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan