আজি গুৱাহাটীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰাল চৌহদৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ বাবে ২০২৬-২৭ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে ৯টা মাধ্যম আৰু ১৯টা ভাষাক সামৰি প্ৰকাশ কৰা মুঠ ৩.৪২ কোটিখন বিনামূলীয়া পাঠ্যপুথিৰ দ্বাৰা এইবেলি ৪৯.৮৪ লাখ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যপুথি লাভ কৰিব। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ্থীসকলে যাতে সময় মতে পাঠ্যপুথি লাভ কৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ত পাঠ্যপুথি বিতৰণৰ প্ৰক্ৰিয়াত বিভাগীয় বিষয়াসকলক তীক্ষ্ণ নজৰ আৰোপ কৰিবলৈ কোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা চলি আহিছিল যদিও বৰ্তমান চৰকাৰখনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সবল নেতৃত্বত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণৰ পথ অধিক সুচল কৰাৰ বাবে নিজা পুঁজিৰে মাধ্যমিক পৰ্যন্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিয়ে সামগ্ৰিকভাৱে অসমৰ শিক্ষাৰ মান আৰু ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, পৰিচালন সঞ্চালক এছ এন চৌধুৰী, এএছএছ ইবিৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ