প্ৰতি গৰাকী নাৰীয়ে জানিবলগীয়া কিছু কথা

0 280

আজি ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস।মহিলা সুৰক্ষা,অধিকাৰ সম্পৰ্কে অৱগত কৰা আৰু সন্মান প্ৰদৰ্শন কৰাৰ অৰ্থে এই দিৱস পালন কৰা হয়।
আজিৰ মহিলা পুৰুষৰ সমানেই খোজত খোজ মিলাই আগুৱাই গৈছে যদিও বহুক্ষেত্ৰত অধিকাৰৰ পৰা বঞ্চিত অথবা শোষণৰ বলি হোৱা দেখা যায়।নাৰী দিৱসৰ এই দিনটোত মহিলাৰ কিছু অধিকাৰৰ বিষয়ে জানোচোন আহক।
কৰ্মক্ষেত্ৰত মহিলাৰ সমান পাৰিশ্ৰমিকৰ অধিকাৰ:কৰ্মক্ষেত্ৰত এগৰাকী মহিলাই পুৰুষৰ সমানে বেতন অথবা পাৰিশ্ৰমিক লাভ কৰা অধিকাৰ আছে।এই অধিকাৰ ভাৰতৰ শ্ৰমিক আইন অধীন।কিন্তু দুখৰ বিষয় লিংগ,বৈষম্যতাৰ আধাৰত আজিও কিছু ঠাইত মহিলাক উলাই কৰা হয়।
মাতৃত্ব সম্বন্ধীয় অধিকাৰ:- এই অধিকাৰৰ অধীনত এগৰাকী কৰ্মৰত নাৰীয়ে ২৬ সপ্তাহলৈ চুটি ( মাতৃকালীন) ল’ব পাৰে। এই সময়ছোৱাত কৰ্মৰত প্ৰতিষ্ঠানে দৰমহা কাটিব নোৱাৰে।
ঘৰুৱা হিংসাৰ পৰা:-এই অধিকাৰে মহিলাক ঘৰুৱা ভাৱে সংঘটিত হিংসাত্মক ঘটনালৈ মাত মতা বাবে সাহস যোগায় ,যদি কোনো মহিলাই, স্বামী গৃহত অত্যাচাৰৰ সন্মুখীন হয় তেওঁ আইনৰ সহায় ল`ব পাৰে।
নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব:- যিমানেই দাগী অপৰাধী নহওক কিয় এগৰাকী আৰক্ষী বিষয়াই নিশাৰ ভাগত মহিলা অপৰাধী গৰাকীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। সদৌ শেষত এন ই ফ`কাচ ডট কমৰ ফালৰ পৰা প্ৰতি গৰাকী নাৰীক নাৰী দিৱসৰ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.