প্ৰথম এন ডি আৰ এফৰ খাদ্য সামগ্ৰী বিতৰণ

0 210

গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীয়ে লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ অমৃত ভোগ ভাণ্ডাৰৰ সহযোগত গুৱাহাটী মহানগৰীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত অভাৱী লোকসকলৰ মাজত খাদ্য সামগ্ৰী আৰু ৰন্ধা আহাৰ বিতৰণ কৰি আহিছে।
 
৮মে’ৰ দিনাও প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্ত্বাৱধানত বাহিনীটোৰ উদ্ধাৰকাৰী বিষয়া জোৱান সকলে মহানগৰীৰ মালিগাৱৰ সমীপৰ পশ্চিম বৰাগাঁওৰ শিৱ নগৰত ৫৫ঘৰ মানুহক ৫০০কেজিতকৈ অধিক পৰিমাণৰ শুকান খাদ্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ উপৰি বাহিনীটোক চিকিৎসা কৰ্মীৰ দলে থাৰ্মেল ইমেজাৰৰে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰে।
 
ইয়াৰ উপৰি বাহিনীটোৰ আন এটা দলে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী চাংসাৰিৰ নিজমেনুৰীঘোপা আৰু বাৰেগাওত প্ৰায় ৫০০জন লোকক ৰন্ধা আহাৰ বিতৰণ কৰে। দুয়োটা বিতৰণ কাৰ্যসূচীত ইউনাইটেড শিখ নামৰ সেনা চৰকাৰী সংস্থাটোৰ স্বেচ্চাসেৱক সকলে সহায়ৰ হাত আগবঢ়ায়।

Leave A Reply

Your email address will not be published.