প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ হিতাধিকাৰীৰ পঞ্জীয়ন শিবিৰ সম্পন্ন

0 95

সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাতো কালিৰে পৰা দুদিনীয়াকৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত হিতাধিকাৰী সকলৰ বাবে বিশেষ পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হয়৷কামৰূপ মহানগৰ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ তত্বাৱধানত আৰু জিলা প্ৰশাসনৰ সহযোগত কালি আৰু আজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ জিলাখনৰ পাঁচোটাকৈ স্থানত তথা অংগনৱাড়ী কেন্দ্ৰসমূহত এই বিশেষ পঞ্জীয়নৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। এই আঁচনিৰ জৰিয়তে চলিত বৰ্ষত বৰ্তমানলৈকে জিলাখনত ২৮০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ আগন্তুক দিনতো যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ ওচৰৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ জৰিয়তে পঞ্জীয়ন কৰি আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব।
উল্লেখ্য যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ সকললৈ আৰ্থিক অনুদান প্ৰদানৰ এক অন্যতম আঁচনি হৈছে প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা। এই আচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলা আৰু প্ৰসূতি মাতৃক দুটা কিস্তিত সৰ্বমুঠ পাঁচ হাজাৰ টকা আৰু দ্বিতীয়টো কন্যা সন্তান জন্ম হোৱা প্ৰসূতি মাতৃক এককালীন ছয় হেজাৰ টকাৰ নগদ সাহাৰ্য পোনপতীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হয়। সমগ্ৰ ৰাজ্যতে এই আঁচনি মহিলা আৰু শিশু বিকাশ বিভাগৰ অন্তৰ্গত অংগনৱাড়ী কেন্দ্ৰ সমূহৰ মাধ্যমেৰে ৰূপায়িত হৈ আছে।

Leave A Reply

Your email address will not be published.