প্ৰধান মন্ত্ৰীৰ জন্মদিনত দেউচতালত গছপুলি ৰোপন

0 261

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰত পশ্চিম গুৱাহাটীৰ আজাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেউচতালত পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী আৰু বি জে পি ৰ গুৱাহাটী মহানগৰ জিলা কমিটিৰ সম্পাদক বলেশ্বৰ ৰংপীৰ উদ্যোগত গছপুলি ৰোপণ কৰে। দীপৰ বিল ইক’ কেম্পৰ সমীপত এটা শেৱালি ফুলৰ গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজ কৰ্মী কেষ্টৰাম ৰংপীয়ে।
 
 
তাৰপাছত কবিতা বড়ো ৰংপী,বলেশ্বৰ ৰংপী , সুশীল থাপ্পা আৰু তেজ বাহাদুৰ লিম্বুৱে বিভিন্ন প্ৰজাতিৰ মুঠ দহটা গছপুলি ৰোপণ কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্রার্থনা জনোৱা হয়। ভাষণ প্ৰসংগত বলেশ্বৰ ৰংপীয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ছয়টা বছৰত ভাৰত বহু দিশত শক্তিশালী হোৱা বুলি ব্যক্ত কৰি তেওঁ ভাৰতৰ জনতাৰ হৃদয় জিনিছে বুলি কয় ।ইয়াৰ পূৰ্বে জন্মদিন উপলক্ষে অনুষ্ঠিত সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ১৫ আৰু ১৬ ছেপ্টেম্বৰত অঞ্চলটোত বি জে পি কৰ্মী সকলে এক বৃহৎ চাফাই অভিযান চলায় ।

Leave A Reply

Your email address will not be published.