প্ৰবাসী অসমীয়াৰ কৃতিত্ব

0 303

origin_4dd02adc043048dd6981de2fb160c8e3

সুখবৰ! মহাৰাষ্ট্ৰৰ অগ্ৰণী সাহিত্য সংস্কৃতিৰ অনুষ্ঠান সৰহদে ২০১৭ বৰ্ষৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাৰ বাবে অৰুণাচল প্ৰদেশৰ লেখক য়েচে ঠংচে দৰ্জীক মনোনীত কৰিছে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ জনসাধাৰণৰ মাজত একতা আৰু ভাতৃত্বৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ বাবে মহাৰাষ্ট্ৰৰ সৰহদ নামৰ অনুষ্ঠানটোৱে ২০১২ বৰ্ষৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য সংস্কৃতি ইত্যাদি বিভিন্ন দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰি আহিছে। ইতিমধ্যে জাহ্নু বৰুৱা, ৰতন থিয়াম, সমুদ্ৰ গুপ্তা কাশ্যপে এই বঁটা লাভ কৰিছিল। স্মতৰ্ব্য যে অৰুণাচল প্ৰদেশৰ বাসিন্দা হৈও য়েচে ঠংচে দৰ্জীয়ে অসমীয়া সাহিত্য ভৰাল টনকিয়াল কৰাৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াইছে। বিশেষকৈ তেওঁ লেখনীৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত সমন্বয় সাঁকো গঢ়িছে। “মৌন ওঠ মুখৰ হৃদয়” আৰু “শৱ কটা মানুহ” শীৰ্ষক উপন্যাসে অসমীয়া সাহিত্যৰ জগতখনক সমৃদ্ধিশালী কৰি তুলিছে।

Meet-SanghamitraKalita-the-Indian-origin-journalist-who-won-a-Pulitzer-Prize

আনহাতে অসমৰ জীয়ৰী সংঘমিত্ৰা কলিতাই চি এন এনৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যবাসীক  আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে লচ এঞ্জেল টাইমচ কাকতৰ মেনেজিং এডিটৰ হিচাপে পূৰ্বে তেও কৰ্মৰত আছিল। সংঘমিত্ৰা কলিতা সম্প্ৰতি মহানগৰীৰ নিবাসী মহেশ কলিতা আৰু নিৰ্মলা কলিতাৰ কন্যা।

এই দুগৰাকীৰ ব্যক্তিৰ সাফল্যৰ বতৰাই সমগ্ৰ ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে। আমিও nefocus.com ফালৰ জনাইছো বহু অভিনন্দন।

Leave A Reply

Your email address will not be published.