প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 261

আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহিঃৰাজ্যৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ নিয়োগ নিশ্চিত কৰিবলৈ, জব কাৰ্ড প্ৰদান কৰিবলৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলক ৰাজ্যৰ সম্পদ বুলি কয়। সমান্তৰালভাৱে দক্ষতা বিকাশৰ বাবে খণ্ড উন্নয়ন পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰে।
বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সকলো প্ৰব্ৰজিত শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদানৰ লগতে  অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এম জি এনৰেগা আচনিৰ জৰিয়তে যাতে সকলো শ্ৰমিকে কাম কৰাৰ সুযোগ লাভ কৰে সেয়া নিশ্চিতকৰণ কৰিব অসম চৰকাৰে। বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰব্ৰজিত সকলো শ্ৰমিকেই বাহিৰত বিভিন্ন খণ্ডত কাম কৰি বহুখিনি দক্ষতা আহৰণ কৰিছে সেয়েহে সেইসমূহ দক্ষতা বিকশিত কৰাৰ বাবে খণ্ড উন্নয়ন পৰ্যায়ত উন্নতমানৰ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ বাবে  নিয়োগৰ সুবিধা থকা আৰু আত্ম সংস্থাপনৰ সুযোগ থকা ক্ষেত্ৰ সমূহত নিয়োগ কৰা হ’ব।
আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ২০লাখ কোটি টকাৰ পেকেজৰ কথাও উল্লেখ কৰে। এই পেকেজৰ জৰিয়তে যিহেতু অসমৰ উদ্যোগ খণ্ড যথেষ্ট পৰিমাণে লাভান্বিত হ’ব সেয়েহে মুখ্যমন্ত্ৰী গৰাকীয়ে এম এছ এম ই খণ্ডৰ জিলাভিত্তিক তালিকা প্ৰস্তুত কৰি উপযুক্ত পদক্ষেপ ল’বলৈ উদ্যোগ বিভাগক নিৰ্দেশ দিয়ে।
 
আজিৰ এই বৈঠকত সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ সৈতে সামৰি লোৱা দিশসমূহৰ বিষয়েও আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পেকেজৰ জৰিয়তে শ্ৰমিকসকললৈ বেংকে আগবঢ়োৱা ঋণ সন্দৰ্ভতো বেংক কৰ্তৃপক্ষৰ সৈতে সোনকালেই আলোচনাত মিলিত হ’বলৈ বিত্ত বিভাগলৈ নিৰ্দেশ প্ৰদান কৰে। আজিৰ বৈঠকত ৰাজ্যৰ শীৰ্ষ বিষয়া আমোলা সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.