প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ছাটাৰগাঁৱলৈ যাব পাৰে

0 270

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা কিছু নিলগত ছাটাৰগাঁও নামৰ গাঁওখনে প্ৰকৃতি প্ৰেমীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ যি সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাটৰ সৃষ্টি হৈ হাতীৰ আক্ৰমণত নিৰীহ লোকৰ মৃত্যুৰ খবৰে সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আহিছে। সেই সময়ত ছাটাৰগাঁৱত থকা এই ৰাভা সম্প্ৰদায়ৰ পৰিয়ালে বনৰীয়া হাতীৰ সৈতে  সহবাস কৰি স্বাভাৱিক জীৱন যাপন কৰি সুন্দৰকৈ চলি আহিছে।
 
 
 
 
উল্লেখযোগ্য যে, আজাৰা পাটগাঁৱৰ বিনোদনথলী একলেণ্ডৰ গাতে লাগি সজ্বনপাৰাৰ পৰা এন ই চি পথৰ পৰা মাত্ৰ ৬ কিলো মিটাৰ নিলগৰ ছাটাৰগাঁও কিছু বছৰ আগলৈকে পাণ্ডব বৰ্জিত স্থানৰ দৰে আছিল। খৰালী কালত কিবাকৈ চাইকেল বা দুচকীয়া বাহন লৈ যাব পৰা ছাটাৰগাঁৱলৈ বাৰিষাৰ দিনত বা বৰষুণ বতৰত যোৱাটো যথেষ্ট কঠিন আছিল। অৱশেষত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত ২০১৭-১৮ বৰ্ষত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে পথচোৱা পকীকৰণ কৰি যান বাহন চলাচলৰ বাবে উপযোগী কৰি তোলে।
 
 
ইয়াৰ উপৰিও ৰাজ্যৰ গ্ৰাম্য পৰ্যটনৰ লগতে জড়িত অগ্ৰণী সংস্থা ৰংমন ট্যুৰিজিম ছ’চাইটিয়ে ছাটাৰগাঁৱক এখন আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ ২০১৭ চনৰে পৰা বিভিন্ন কাম কাজ কৰি আহিছে। তাৰ ভিতৰত আৰ্ট অফ লিভিঙৰ সহযোগত ৬২ টা পৰিয়াললৈ সৌৰশক্তি চালিত বিদ্যুৎ যোগান, থিয়পানীৰ জলপ্ৰপাত, পাহাৰৰ মাজত থকা হ্ৰদকে ধৰি অঞ্চলটোৰ নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যত পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণ, অঞ্চলবাসীৰ আৰ্থিক দিশটো টনকিয়াল কৰি আত্মনিৰ্ভৰশীলৰ বাবে পশু পালন প্ৰশিক্ষণ প্ৰদান, কাটিং ট্ৰেলৰিংৰ বাবে প্ৰশিক্ষণ আদি প্ৰদান কৰা হৈছে।
 
 
ৰংমন ট্যুৰিজিম চ’ছাইটিৰ কৰ্মকৰ্তা বলেশ্বৰ ৰংপি, প্ৰমোদ কলিতা আৰু পৱন কলিতাই জানিবলৈ দিয়া মতে ২০১৮ চনত ছাটাৰগাঁও সংযোগী পথচোৱা পকীকৰণ হোৱাৰ পাচত পৰ্যটকৰ লগতে গৱেষক, ছাত্ৰ ছাত্ৰীৰ আগমন হৈছে। সম্প্ৰতি বনাঞ্চলৰ মাজত থাকিও বনৰীয়া হাতীৰ সৈতে কোনো সংঘাট নোহোৱাকৈ অঞ্চলবাসীয়ে সুন্দৰকৈ প্ৰাকৃতিক পৰিবেশত বাস কৰা বিষয়টোৱে গৱেষক সকলক দৃষ্টি আকৰ্ষণ কৰিছে।
 
 
 
যাৰবাবে বিশ্ববিদ্যালয়ৰ আৰু ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ বৰাগাঁৱস্থিত এ এছ এছ টি য়ে ছাটাৰগাঁৱত গৱেষণা মূলক কাম কাজ আৰম্ভ কৰিছে। বিগত দিনকেইটাত নিশাৰ ভাগত গাঁৱবাসীৰ সহায়ক হোৱাকৈ আই এ এছ এছ টিয়ে চাৰিটা উচ্চ ক্ষমতাসম্পন্ন সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন কৰিছে। আগন্তুক দিনত কটন বিশ্ববিদ্যালয়ে তেনে ষ্ট্ৰীট লাইট স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।
 
 
 
আনহাতে ছাটাৰগাঁৱৰ গাঁওবুঢ়া পদ্দু ৰাভা, প্ৰাক্তন গাঁওবুঢ়া শুক্লেশ্বৰ ৰাভা, ছাটাৰগাঁৱৰ নৱজ্যোতি ক্লাৱৰ সভাপতি অজয় ৰাভা সম্পাদক সঞ্জয় ৰাভা জানিবলৈ দিয়া মতে ইয়াৰ মাজতেই ছাটাৰগাঁৱৰ বেছিভাগ লোকেই সম্প্ৰতি গাহৰি পালন আৰু গো-পালনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰি জীৱন জীৱিকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। আনকি কিছু বাসিন্দাই ম’হ পালনৰ কাম আৰম্ভ কৰিছে আৰু জৈৱিক কৃষি কাৰ্য আৰম্ভ কৰি স্বাৱলম্বী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।
খবৰ যুগুতালে ছয়গাঁৱৰ পৰা জিতু মণি দাসে..

Leave A Reply

Your email address will not be published.