প্ৰেছক্লাব অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 226

ৰাজ্যৰ সাংবাদিক তথা সংবাদ কৰ্মী সকলক একত্ৰিত কৰা উদ্দেশ্যে প্ৰতিষ্ঠা লাভ কৰা প্ৰেছ ক্লাব অব অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটী মহানগৰীৰ উগ্রতাৰা দেৱালয় প্ৰাংগণত গছ পুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা হয়।
গছ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অমৃত নিউজ ৰ মুখ্য সম্পাদক ডঃ দয়ানন্দ পাঠক, বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ডঃ সূৰ্য্যকান্ত হাজৰিকা আৰু বিশিষ্ট চিকিৎসক, সাহিত্যিক ডঃ অঞ্জন জ্যোতি চৌধুৰীয়ে। ইপিনে অনুষ্ঠানত উপস্থিত থাকি প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মা , সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতা,জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জী ,শেৱালি কলিতাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে একোটিকৈ গছ পুলি ৰোপন কৰে।গছপুলি ৰোপন কৰি শিক্ষাবিদ ডঃ পাঠকে কয় যে এক পুত্ৰ দশ পুত্ৰ সমান। সাম্প্ৰতিক সময়ত প্ৰকৃতিৰ সংৰক্ষণ কৰা বহুত প্ৰয়োজন হৈ পৰিছে। একেটা অনুষ্ঠানতে ডঃ হাজৰিকাই কয় সম্প্ৰতি সময়ত গছ পুলি ৰোপণৰ লগতে ইয়াৰ সংৰক্ষণৰ বাবে আমি যথোচিৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।আনহাতে অনুষ্ঠানতে উপস্থিত থাকি ডা: অঞ্জনজ্যোতি চৌধুৰীয়ে এনে দৰে কয় যে যিহেতু গছেই আমাক অক্সিজেন প্ৰদান কৰি কাৰ্বনডাই অক্সাইড গ্ৰহণ কৰি আহিছে লগতে আমাক ছাঁ দি আহিছে সেয়ে আমি যিকোনো সময়তে সুবিধা পালেই গছ পুলি ৰোপন কৰিব লাগে। গছপুলি ৰোপন কৰি প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মাই এনেদৰে কয় যে আজিৰ দিনটোৰ পৰাই আমি সংকল্পবদ্ধ হব লাগে আমি গছপুলি ৰোপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি যাম। প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই অনুষ্ঠানৰ আঁতধৰি কয় যে বিগত বছৰৰ দৰে এইবাৰো প্ৰেছ ক্লাব অসমে প্ৰতিষ্ঠা দিনটোত ১০০জোপাতকৈ অধিক মূল্যবান গছ পুলি আমি ৰোপন কৰিম আৰু আগলৈও কৰি যাম
উল্লেখযোগ্য যে আজিৰ দিনটোতে প্ৰেছ ক্লাব অসমৰ নতুনকৈ সমিটিও গঠন কৰা হয় উল্লেখযোগ্য যে প্ৰেছ ক্লাব অসমৰ পৰৱৰ্তী পাঁচ বছৰৰ বাবে কৈলাশ শৰ্ম্মাক সভাপতি আৰু হীৰেন চন্দ্ৰ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় আৰু একেটা অনুষ্ঠানতে ডঃ সূৰ্য কান্ত হাজৰিকাই সকলোৰে আগত পাঠ কৰা নতুন সমিতিখন হাত চাপৰিৰে উপস্থিত সভ্য সকলে সমৰ্থন জনায়।

Leave A Reply

Your email address will not be published.