প্ৰয়াত সাংবাদিক- সাহিত্যিক পদম জৈনৰ সোঁৱৰণত কল্পনাৰ স্মৰণিকা সংখ্যা উন্মোচন

0 308

প্ৰায় পাঁচ দশক পূৰ্বে আত্মপ্ৰকাশ কৰা কল্পনা নামৰ ত্ৰি-ভাষিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, সাংবাদিক তথা সাহিত্যিক প্ৰয়াত পদম জৈনৰ সোঁৱৰণত আলোচনীখনৰ বিশেষ সংখ্যা বিজয়নগৰত অনুষ্ঠিত এখন গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত বিজয়নগৰ জৈন পঞ্চায়তৰ সভাপতি শান্তিলাল জৈন, উপদেষ্টা বাবুলাল জৈন, সম্পাদক ললিত কুমাৰ জৈন, কোষাধ্যক্ষ নিৰ্মল কুমাৰ জৈন, প্ৰয়াত পদম জৈনৰ সহধৰ্মিণী সুমিত্ৰা দেৱী জৈন, ভাতৃ ৰতনলাল জৈন, আলোচনীখনৰ বৰ্তমানৰ সম্পাদক দিগম্বৰ জৈন, জ্যেষ্ঠ সাংবাদিক ৰাজকুমাৰ ঝাঁঝৰী, গোৱালপাৰাৰ বিদেশী ন্যায়াধিকৰণৰ সদস্য দিলীপ কুমাৰ জৈনৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি তথা স্থানীয় লোক উপস্থিত থাকে।
 
 
সভাৰ আৰম্ভণিতে সমতা দেৱী জৈন, কল্পনা দেৱী জৈন আৰু স্বাতি দিগম্বৰ জৈনে ধৰ্মীয় প্ৰাৰ্থনাৰে সভাৰ শুভাৰম্ভ কৰে। তাৰ পাছত প্ৰয়াত পদম জৈনৰ ফটোত বন্তি প্ৰজ্জ্বলন কৰা হয়। ইয়াৰ পাছত দিলীপ কুমাৰ জৈন, ৰাজকুমাৰ ঝাঁঝৰী, ললিত কুমাৰ জৈন, ৰাজ কুমাৰ জৈন (নলবাৰী), বিমল জৈন, আনন্দ কুমাৰ জৈন স্বাতি দিগম্বৰ জৈন আদিয়ে প্ৰয়াত পদম জৈনৰ জীৱন-দৰ্শন সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অশেষ কষ্ট তথা ত্যাগৰ বিনিময়তে প্ৰয়াত পদম জৈনে প্ৰকাশ কৰা ‘কল্পনা’ নামৰ এই আলোচনীখনৰ প্ৰকাশ পৰৱৰ্তী সময়তো অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰিব বুলি বৰ্তমানৰ সম্পাদক দিগম্বৰ জৈনে বক্তব্যত প্ৰকাশ কৰে।
 
খবৰ যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.