পৰিবহণ বিভাগৰ অভিযান কুৰুক্ষেত্ৰ আৰম্ভ

0 143

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো শ্ৰেণীৰ যাত্ৰীৰ জীৱন আৰু যাতায়ত সুৰক্ষিত কৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰাৰ পিছতো যান-বাহনৰ নথিপত্ৰ নৱীকৰণ নকৰাৰ লগতে যান-বাহনৰ যাৱতীয় কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ অন্যায়ভাৱে চলি থকা বাহনৰ গতি ৰোধ কৰিবলৈ আৰক্ষী আৰু জিলা প্ৰশাসনেৰে একাকাৰ হৈ পৰিবহণ বিভাগে আজি আৰম্ভ কৰিলে “অভিযান কুৰুক্ষেত্ৰ” ৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মহানগৰীৰ খানাপাৰা অঞ্চলত ব্যাপক সংখ্যক চলন্ত যানবাহনৰ যাত্ৰী, চালক আৰু মালিকক উদ্দেশ্যি “অভিযান কুৰুক্ষেত্ৰ” আৰম্ভ হোৱাৰ কথা ঘোষণা কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে কয় যে আগন্তুক ৩১ডিচেম্বৰৰ আগতে সকলোৱে যানবাহনৰ সকলো নথিপত্ৰ নৱীকৰণ কৰক, লগতে যান-বাহনৰ যাৱতীয় কৰ-কাটলসমূহ আদায় দিয়ক, কিয়নো ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনখন বৈধ কৰি ৰখা ৷ যান-বাহনৰ কৰ-কাটল সময়মতে আদায় দি নথি-পত্ৰসমূহ নৱীকৰণ কৰি নাৰাখিলে বাহনখন কেতিয়াও বৈধ বুলিব নোৱাৰি। সেয়ে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ সহযোগত পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাই আহিছে ৷ তৎসত্বেও এতিয়াও এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি বিনাদ্বিধাই যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনক ন্যায়ৰ যুঁজত অবতীৰ্ণ কৰিবলৈকে পৰিবহণ বিভাগে “অভিযান কুৰুক্ষেত্ৰ” আৰম্ভ কৰাৰ কথা ঘোষণা কৰি তেওঁ কয় যে ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই দহহাজাৰ টকাৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দও হ’ব পাৰে। ইফালে অভিযান কুৰুক্ষেত্ৰত আগন্তুক বৰদিন, ৩১ডিচেম্বৰ, ১জানুৱাৰী আৰু মাঘ বিহুৰ উৎসৱৰ আনন্দত মতলীয়া হৈ অত্যাধিক ৰাগীয়াল দ্ৰব্য সেৱন কৰি কোনোৱে যাতে নিজৰ লগতে আনলৈকো অনাকাংক্ষিত বিপদ মাতি নানে তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে সকলোকে সতৰ্ক কৰি দিয়ে। বনভোজ দলৰ বাহনৰ কোনো চালকেই যাতে মদ্যপান কৰি বাহন চলাই বনভোজৰ আনন্দক বিষাদত পৰিণত কৰিব নোৱাৰে সেই সন্দৰ্ভত বনভোজ দলসমূহক চালকৰ প্ৰতি অনবৰতে চোকা নজৰ ৰাখিবলৈ আহ্বান জনোৱা হয়। “অভিযান কুৰুক্ষেত্ৰ” আৰম্ভণিৰ এখন সভাত অংশগ্ৰহণ কৰি পৰিবহণ বিষয়া (প্ৰবৰ্তক) হিমাংশু কুদাৰ দাসে কয় যে, কোনো বনভোজৰ দল অত্যাধীক মদ্যপান কৰাৰ ফলত যদি দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হয় তেন্তে চালক আৰু বনভোজৰ দলৰ উপৰি গাড়ীৰ মালিককো আইনৰ আওতালৈ অনা হ’ব । সেয়ে বনভোজ দলক কঢ়িয়াই নিয়া গাড়ীৰ চালকে যাতে কোনো কাৰনতে মদ্যপান নকৰে তাৰ প্ৰতি চোকা নজৰ ৰাখিবলৈ তেওঁ বাহনৰ মালিকক সতৰ্ক কৰি দিয়ে ৷ নৱবৰ্ষ উদযাপনৰ আনন্দৰ নামত অত্যাধিক ৰাগীয়াল দ্ৰব্য সেৱন কৰি যান-বাহন নচলোৱাৰ লগতে দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্ৰিত গতীতহে যানবাহন চলোৱা, যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সকলো সময়তে মানি চলিবলগীয়া সাৱধানতাৰ উপৰি এই শীতকালত চৌদিশ কুৱলীয়ে আবৃত হৈ থকা অৱস্থাত গাড়ী চালনাৰ ক্ষেত্ৰত মন দিবলগীয়া নীতি নিয়ম সন্দৰ্ভত উল্লেখ কৰি এখন দুৰ্ঘটনামুক্ত অসমৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰা হয়। অভিযান কুৰুক্ষেত্ৰৰ আৰম্ভণিতে অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি এচিপি, পুলিচ মনোজ কুমাৰ লহকৰে চালক, যাত্ৰী আৰু বাহনৰ মালিকে মানি চলিবলগীয়া গুৰুত্বপূৰ্ণ নীতিনিয়মৰ কথা উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক মৰমী পাঠক আদিয়েও আগন্তুক ৩১ডিচেম্বৰৰ ভিতৰত যানবাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যানবাহনৰ যাৱতীয় কৰকাটল পৰিশোধ কৰি ৰাজপথত অহৰহ সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ মহান স্বাৰ্থত সকলোৱে আগবাঢ়ি আহিব বুলি আশা কৰে।

Leave A Reply

Your email address will not be published.