পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ’ল বিশেষ জনসেৱা পষেক,গৰাকীৰ ঘৰে ঘৰে উপস্থিত হৈ যান-বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা সমাধানৰ ব্যতিক্ৰমী অভিযান । বিশেষ জনসেৱা পষেকৰ আজি আৰম্ভণিৰ দিনাই বাহনৰ বিভিন্ন নথিপত্ৰ সঠিক কৰাৰ ক্ষেত্ৰত সন্মুখিন হোৱা সমস্যাৰ কথা ফোনযোগে অৱগত কৰা মাত্ৰকে ডাউন টাউন হস্পিতাল আৰু খানাপাৰা কৃষি বিশ্ববিদ্যালয়ত বিষয়া-কৰ্মীৰ দল লগত লৈ উপস্থিত হয়গৈ স্বয়ং ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস ৷ডাউন টাউন হাস্পতালৰ অস্তি বিশেষজ্ঞ ডাঃ ইৰাণ ভৰালীৰ চেম্বাৰত উপস্থিত হৈয়ে তেওঁৰ ওজৰ আপত্তি সন্দৰ্ভত পুংখানুপুংখভাৱে জ্ঞাত হৈ তাৎক্ষণিকভাৱে চিকিৎসক গৰাকীৰ বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি দিয়ে । ইয়াৰ পিছতে উপ-পৰিবহণ আয়ুক্তগৰাকী সদলবলে উপস্থিত হয়গৈ খানাপাৰা কৃষি বিশ্ববিদ্যালয়ৰ চিকিৎসক ডাঃ ৰণজিত নেওগৰ কাৰ্যালয়ত। ডাঃ নেওগৰো একেধৰণৰ সমস্যাৰ সমাধান তথা বাহনৰ নথিপত্ৰ সমূহ সঠিক কৰি বাহনখন ৰাজপথত চলাচলৰ বাবে বৈধ হৈ থকাৰ ব্যৱস্থা কৰে উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে। বাহনৰ গৰাকীৰ কাষত উপস্থিত হৈ ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত গৰাকীয়ে এনেদৰে থিতাতে সমস্যা সমাধান কৰি দেখুওৱা ব্যতিক্ৰমী কাৰ্যত স্বাভাৱিকতেই অভিভূত হৈ পৰে বিশিষ্ট চিকিৎসক কেইগৰাকী। তেওঁলোকে পৰিবহণ বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰতবৰ্ষৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে পৰিবহণৰ ৫০তকৈয়ো অধিক সেৱা সংস্পৰ্শ ৰ্বিহীনভাবে ঘৰতে বহি উপলব্দ কৰা ব্যৱস্তাৰ বাবেই আজি পৰিবহণ বিভাগে এনে সেৱা আগবঢ়াবলৈ সক্ষম হোৱা বুলি উপ-পৰিবহণ আয়ুক্ত গৌতম দাসে মন্তব্য কৰে ৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য