জনতা ভৱনত ‘মিছন ফ্লাড ফ্ৰী’ৰ উচ্চস্তৰীয় বৈঠক-পূব শৰণীয়াত গুৱাহাটী জল ব’ৰ্ডৰ ২০,০০০-তম খোৱাপানীৰ সংযোগ আনুষ্ঠানিকভাৱে প্ৰদান মন্ত্ৰী সিংহলৰ

0 117

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান (মিছন ফ্লাড ফ্ৰী)ৰ এক উচ্চস্তৰীয় বৈঠকত পৌৰোহিত্য কৰে। ৰেলৱে, অইল ইণ্ডিয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে ৰাজ্য চৰকাৰৰ জলসম্পদ, লোক নিৰ্মাণ, গুৱাহাটী পৌৰ নিগম আদি সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত বানমুক্ত গুৱাহাটী অভিযানৰ শেহতীয়া কাম-কাজৰ পৰ্যালোচনা কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট আৰু বৰাগাঁও অঞ্চলৰ লগতে মহানগৰীৰ কৃত্ৰিম বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহৰ নলা-নৰ্দমা পৰিষ্কৰণৰ কাম নিয়মীয়াভাৱে অব্যাহত ৰাখিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বাহিনী,ভৰলু, লখিমীজান আৰু মৰা ভৰলু নদীৰ কাষৰ অংশ অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ পদক্ষেপ লবলৈও তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। এইবাৰৰ বাৰিষাত যাতে মহানগৰীত কৃত্ৰিম বানৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ লগতে প্ৰতি ১৫ দিনৰ অন্তৰত মিছন ফ্লাড ফ্ৰীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবেও তেওঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব তথা কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তক নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল তথা কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্ত সুমিত সত্তাৱনৰ লগতে বানমুক্ত গুৱাহাটী অভিযানৰ লগত জড়িত সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

আনহাতে আজি বিয়লি মন্ত্ৰী সিংহলে গুৱাহাটীৰ পূব শৰণীয়া মূল পথৰ ঘৰ নং-৭ (জগদীশ এনক্লেভ)ত গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয় প্ৰণালী পৰিষদ, চমুকৈ গুৱাহাটী জল ব’ৰ্ডৰ দ্বাৰা মহানগৰীৰ ২০,০০০-তম খোৱাপানীৰ সংযোগটি আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীৰ বেছিভাগ অঞ্চলতে খোৱাপানীৰ সংযোগ প্ৰদানৰ লক্ষ্যত উপনীত হব পৰা যাব বুলি তেওঁ আশাবাদী। লোকসভা নিৰ্বাচনৰ পাছতে অহা মে মাহত উত্তৰ গুৱাহাটী আৰু জুন মাহত দক্ষিণ গুৱাহাটী পানীযোগান প্ৰকল্প কাৰ্যকৰী কৰা হব বুলি জানিবলৈ দি তেওঁ কয় যে চলিত বৰ্ষৰ জুলাইৰ পৰা মহানগৰীৰ লক্ষাধিক পৰিয়ালে খোৱাপানীৰ সুবিধা লাভ কৰিব।

এই কাৰ্যসূচীৰ পাছতে মন্ত্ৰীগৰাকীয়ে পূব শৰণীয়া মূল পথৰ নলা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে ১ নং উপপথত কৃত্ৰিম বানৰ সমস্যাৰো বুজ লয়।

Leave A Reply

Your email address will not be published.