পৰিবহন মন্ত্ৰীৰ নিৰ্দেশত বৰঝাৰ বিমান বন্দৰ আৰু ৰেলৱে ষ্টেচনত যাত্ৰীৰ পৰিবহন ব্যৱস্থাৰ বুজ ললে অসম ৰাজ্যিক পৰিবহনৰ অধ্যক্ষই

0 224

ক’ভিড-১৯’ ৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা ২৪ মাৰ্চত দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ ৰেল ষ্টেচন সমূহত ৰাজহুৱা পৰিবহন সেৱাৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহন নিগমৰ ফালৰ পৰা যাত্ৰীক গন্তব্য স্থানলৈ বা কোৱাৰেণ্টাইন শিবিৰলৈ নিয়াৰ বাবে যাত্ৰীসকলক সেৱা আগবঢ়ায় আহিছে।
 
 
তেনেদৰে যোৱা ২৫ মে’ৰ পৰা দেশত ঘৰুৱা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ হোৱাৰে পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:জাৰ্তিক বিমান বন্দৰকে ধৰি ৰাজ্যৰ বিমান বন্দৰত বহি: ৰাজ্যৰ পৰা অহা যাত্ৰীসকলক গন্তব্য স্থান বা কোৱাৰেণ্টাইন শিবিৰলৈ লৈ যোৱাৰ বাবেও এ.এছ.টি.চি.য়ে দিনে-নিশাই অহৰহ সেৱা আগবঢ়ায় আহিছে।
 
 
আনহাতে দেওঁবাৰে মাজনিশা গুৱাহাটী মহানগৰীত দুসপ্তাহৰ বাবে আৰম্ভ হোৱা লকডাউনৰ সময়ছোৱাত যাত্ৰীৰ পৰিবহন সেৱাত কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বাবে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিৰ্দেশ দিছিল। সেইবাবে আজি অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচন আৰু বৰঝাৰ বিমান পৰিদৰ্শন কৰি যাত্ৰীৰ পৰিবহন ব্যৱস্থাৰ বুজ লয়।
 
 
বৰঝাৰ বিমান বন্দৰত অধ্যক্ষ ভট্টৰায়ে জিলা পৰিবহন বিষয়া গৌতম দাস, প্ৰৱৰ্তক পৰিদৰ্শকদ্বয় লক্ষীকান্ত বুঢ়াগোঁসাই আৰু বিক্ৰমাদিত্য গগৈ, অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ অধ্যক্ষদ্বয় বিকাশ পাচোৱান আৰু পংকজ দাসসহ কৰ্তব্যৰত বিষয়া কৰ্মচাৰীসকলক নিয়ন্ত্ৰণ কক্ষত সাক্ষাৎ কৰি যাত্ৰীক আগবঢ়ায় অহা পৰিবহন সেৱাৰ বুজ লয়। অধ্যক্ষগৰাকীক সংগ দিয়ে অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য বাণিজ্যিক প্ৰৱন্ধক মুৰুলী বৰাই। আনহাতে উপস্থিত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে লকডাউন আৰম্ভ হোৱাৰে পৰা বিগত দিনকেইটাত অসম ৰাজ্যিক পৰিবহন নগমে এক লাখৰো অধিক লোকক বিনামূলীয়াকৈ গন্তব্য স্থানলৈ প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে।
 
 
 
তেনেদৰে জিলা পৰিবহন বিষয়া গৌতম দাসেও পৰিবহন মন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটীত পুনৰ আৰম্ভ হোৱা লকডাউনৰ সময়ছোৱাত বৰঝাৰ বিমান বন্দৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনত যাত্ৰীৰ পৰিবহন সেৱাত কোনো ধৰণৰ ব্যাঘাত নহয় সেই দিশত চকু ৰখা হৈছে বুলি সদৰি কৰে। ইফালে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ গৰাকীয়ে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ কেইবাগৰাকী বিষয়াৰ সৈতেও যাত্ৰীৰ পৰিবহন ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা কামনা কৰে।

Leave A Reply

Your email address will not be published.