পৰিবেশ সুৰক্ষাৰ বাৰ্তালৈ দিল্লীৰ অভিমুখে এগৰাকী অসমীয়া যুৱতী

0 598

পৰিবেশ সুৰক্ষাৰ বাৰ্তা বিলাই পদযাত্ৰা কৰিছে এগৰাকী যুৱতীয়ে।শিৱসাগৰৰ এই যুৱতী গৰাকীৰ নাম নিজৰা ফুকন। যুৱতীগৰাকীয়ে চৰাইদেউ মৈদামৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন অভিমুখে যাত্ৰা কৰিছে।জানিবপৰা মতে বৃক্ষবন্ধুৰ উদ্যোগত যোৱা ১ ডিচেম্বৰৰ পৰা যুৱতী গৰাকীয়ে এই যাত্ৰা আৰম্ভ কৰিছে।ইতিমধ্যে যুৱতী গৰাকীয়ে ৩৮৪ কিমি পথ খোজ কাঢ়ি গুৱাহাটীত উপস্থিত হৈছে। জানিব পৰা মতে যুৱতী গৰাকীয়ে দৈনিক ৩০ কি মি পথ খোজ কাঢ়ে।প্ৰায় ২২৪৬ কি মি পথ অতিক্ৰম কৰোতে ৬ খন ৰাজ্যৰ ৫০,০০০ লোকক প্ৰত্যক্ষভাৱে পৰিবেশ সজাগতা সম্বন্ধে বুজাবলৈ চেষ্টা কৰিব বুলি নিজৰা ফুকনে জানিবলৈ দিয়ে।উল্লেখযোগ্য যে অহা ১০ মাৰ্চত দিল্লীত উপস্থিত হৈ যুৱতীগৰাকীয়ে ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আৰু কেন্দ্রীয় বন আৰু পৰিবেশ মন্ত্রীৰ হাতত পৰিবেশ সজাগতা সম্বলিত এখন স্মাৰক প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.