অসম সাহিত্য সভাকে ধৰি ২২ টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে কালি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে এক বৈঠক অনুষ্ঠিত কৰে।এই সভাত অসম চৰকাৰৰ ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বমুঠ ১০০০ গৰাকী নতুন লেখক লেখিকাক ৫০,০০০ টকাকৈ উদগনিমূলক সাহাৰ্য্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।নতুন লেখক লেখিকাক উৎসাহিত কৰাৰ বাবে এই এককালীন সাহাৰ্য্য দিয়া হ’ব বুলি মুখ্যমন্ত্রী গৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে।প্ৰাপ্ত তথ্য অনুসৰি ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাক ১০ কোটি,বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনজাতীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ কৰপাচ ফাণ্ড হিচাপে প্ৰদান কৰিব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
অতি সুন্দৰ আৰু উপযোগী পদক্ষেপ । এই সিদ্ধান্ত আদৰণীয় ।
এই সিদ্ধান্তই বহুতো লেখক লেখিকাই প্ৰেৰণা যোগাব ।
অতি আদৰণীয় পদক্ষেপ, আমাৰ নতুন প্ৰজন্মক ভাষা টোৰ ভবিষ্যত ৰ প্ৰতি লক্ষ্য ৰাখি উন্নত মানৰ শিশুসাহিত্য ৰচনাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনালোঁ।