অসম সাহিত্য সভাকে ধৰি ২২ টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে কালি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে এক বৈঠক অনুষ্ঠিত কৰে।এই সভাত অসম চৰকাৰৰ ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বমুঠ ১০০০ গৰাকী নতুন লেখক লেখিকাক ৫০,০০০ টকাকৈ উদগনিমূলক সাহাৰ্য্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।নতুন লেখক লেখিকাক উৎসাহিত কৰাৰ বাবে এই এককালীন সাহাৰ্য্য দিয়া হ’ব বুলি মুখ্যমন্ত্রী গৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে।প্ৰাপ্ত তথ্য অনুসৰি ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাক ১০ কোটি,বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনজাতীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ কৰপাচ ফাণ্ড হিচাপে প্ৰদান কৰিব।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন
অতি সুন্দৰ আৰু উপযোগী পদক্ষেপ । এই সিদ্ধান্ত আদৰণীয় ।
এই সিদ্ধান্তই বহুতো লেখক লেখিকাই প্ৰেৰণা যোগাব ।
অতি আদৰণীয় পদক্ষেপ, আমাৰ নতুন প্ৰজন্মক ভাষা টোৰ ভবিষ্যত ৰ প্ৰতি লক্ষ্য ৰাখি উন্নত মানৰ শিশুসাহিত্য ৰচনাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনালোঁ।