পৰ্যটনৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে দিল্লীৰ পৰা গুৱাহাটী আহি পালে ভাৰত গৌৰৱ পৰ্যটক ৰেল -অসমীয়া জাপি ,গামোছাৰে বিপুল আদৰণি পৰ্যটকক

0 134

দেশৰ আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱেই আৰম্ভ কৰিছে ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’ল । এই বিশেষ পৰ্যটন ৰেলখন মঙলবাৰে দিল্লীৰ চফদৰজং ৰেল ষ্টেচনৰ পৰা বিয়লি ৩.২০.বজাত অসমসহ উত্তৰ পূৰ্বাঞ্চল অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ পাছত বৃহস্পতিবাৰে। দুপৰীয়া গুৱাহাটী ৰেল ষ্টেচন আহি পাইছে ।সিদিনা পতাকা জোকাৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছিল ভাৰত চৰকাৰৰ বৈদেশিক আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখিয়ে । উল্লেখযোগ্য সাতোটা বাতানুকূল ডবাযুক্ত আৰু প্ৰায় ৫০০ খন আসনযুক্ত ৰেলখনত উত্তৰ পূৰ্বাঞ্চললৈ আহিছে ১৫৬ জন দেশীয় পৰ্যটক। ৰেলখনে উত্তৰ পূবত মুঠ ১৫ দিন ভ্ৰমণ কৰিব।আনহাতে ৰেলখন পুৱাই ৬.৪৫ বজাত চাংসাৰী ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্ৱ নিৰ্ধাৰিত সূচী অনুসৰি ৭.৩০ বজাত গুৱাহাটী ৰেল ষ্টেচন আহি পাব লাগিছিল।কিন্তু পৰ্যটক সকলৰ থকা-মেলাৰ সুবিধাৰ বাবে গুৱাহাটীত বন্দৱস্ত কৰা হোটেলৰ কিছু খেলিমেলিৰ বাবে প্ৰায় ৫ ঘণ্টা পলমকৈ দুপৰীয়া ১২.১৫ বজাতহে গুৱাহাটী ৰেল ষ্টেচনত আহি উপস্থিত হয় । গুৱাহাটী ৰেল ষ্টেচনত লামডিং ৰেলৱে সংমণ্ডলৰ সাংমাণ্ডলিক ৰেলৱে প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰে জাপি গামোছা,ফুলৰ থোপাৰে বিহুকে ধৰি অসমৰ পৰম্পৰাগত লোক নৃত্য শিল্পীৰ দলৰে সৈতে পৰ্যটক সকলক বিপুল আদৰণি জনায়।তাৰ পাছত পৰ্যটকৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰ দৰ্শন কৰাকে ধৰি সন্ধিয়া ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰে।কাইলৈ অৰ্থাৎ শুকুৰবাৰে পৰ্যটকৰ দলটোৱে শক্তিপীঠ কামাখ্যা মন্দিৰকে ধৰি গুৱাহাটীৰ দৰ্শনীয় পৰ্যটনথলী সমূহ দৰ্শন কৰিব আৰু নিশা অৰুণাচল প্ৰদেশৰ নাহৰলগন ৰেল ষ্টেচন অভিমুখে জাতিৰ কৰিব।উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচি দেই জানিবলৈ দিয়া মতে ভ্ৰমণকালত এই বিশেষ ৰেলখনে অসমৰ গুৱাহাটী, শিৱসাগৰ ,ফৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা ,মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী অৰুণাচল প্ৰদেশৰ ইটানগৰক সামৰি লোৱা হব। ১৪ টা ৰাতি আৰু ১৫ টা দিনৰ বিস্তৃত সময়সূচীৰে সামৰি লোৱা এই ৰেলখন ২৫ মার্চৰ পুৱা নাহৰলগন ৰেল ষ্টেচন পোৱাৰ পাছত পৰ্যটক সকলে তাৰ পৰা ইটানগৰ চহৰ চাব। অৰুণাচল প্ৰদেশৰ পৰা ৰেলখন শিৱসাগৰলৈ আহিব।ইয়াৰ পিছত যোৰহাট চাহ বাগিচা আৰু কাজিৰঙাত ৰাতিটো থকাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাতিপুৱা জাংগল চাফাৰী পৰ্যটকসকল উপভোগ কৰিব পাৰিব। পৰৱৰ্তী ২৭ মার্চত ডিলাক্স এচি টুৰিষ্ট ৰেলখন ফৰকাটিং ৰেল ষ্টেচনৰ পৰা ত্ৰিপুৰা ৰাজ্যলৈ ৰাওনা হ’ব ।তাত দুটা দিন থকাৰ পাছত ২৯ মার্চত ৰেলখন নাগালেও ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হব। ডিমাপুৰ ষ্টেচনৰ পৰা পৰ্যটকসকলক স্থানীয় পর্যটন স্থানসমূহ পৰিদৰ্শন কৰাৰ বাবে বাছযোগে কোহিমালৈ লৈ যোৱা হ’ব। পুনৰ পহিলা এপ্ৰিলত ৰেলখন আহি গুৱাহাটীত উপস্থিত হ’ব। গুৱাহাটীত এটা নিশা কটোৱাৰ পাছত পর্যটকসকলক বাছযোগে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ’ব আৰু যাত্ৰা পথত বৰাপানীৰ উমিয়াম হ্রদ দৰ্শন কৰাৰ অলপ সময়ৰ বাবে বাছখন ৰখা হ’ব। সিদিনা নিশাটো শ্বিলঙত থকাৰ পাছত পাছদিনা পৰ্যটক সকলক চেৰাপুঞ্জীলৈ নিয়া হব আৰম্ভ হব । তাত বিভিন্ন পৰ্যটনথলী দৰ্শন কৰাৰ পাছত সন্ধিয়া গুৱাহাটীলৈ উভতি আহিব ।২ এপ্রিলৰ নিশা ৰেলখন দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু ৪ এপ্ৰিলত বিয়লি ১.৩০ বজাত গৈ দিল্লীৰ চফদৰজং ষ্টেচনত গৈ উপস্থিত হব। উল্লেখযোগ্য যে সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত আধুনিক ডিলাক্স এচি টুৰিষ্ট ৰেলখনত দুখন সুন্দৰ ডাইনিং ৰেষ্টুৰেণ্ট আৰু এটা অত্যাধুনিক পাকঘৰ আছে।

Leave A Reply

Your email address will not be published.