ফাগুনৰ পছোৱা মহোৎসৱ অনুষ্ঠিত

0 197

ভাৰত পৰ্যটন আৰু ব্যতিক্ৰমৰ উদ্যোগত ফাগুনৰ পছোৱা শীৰ্ষক এক অনুষ্ঠান আজি শিল্পগ্ৰামত অনুষ্ঠিত হয়।হোলিৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়।
ইয়াৰ ভিতৰত বিহু, হোলিগীত, ৰবীন্দ্ৰসংগীত, অৰুণাচলৰ লোক নৃত্য, মণিপুৰী লোক নৃত্য, মিজোৰামৰ লোক নৃত্য, ত্ৰিপুৰাৰ লোক নৃত্যৰ লগতে ৰাজস্থানী, পাঞ্জাৱী নৃত্য অন্যতম।
অনুষ্ঠানত উপস্থিত হৈ ভাৰত পৰ্যটনৰ সঞ্চালক শংখ শুভ্ৰ দেৱবৰ্মনে কয় যে এই অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো।ক’ৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ হোলি খেলেৰে নহয়, নৃত্য প্ৰদৰ্শনৰে অনুষ্ঠিত কৰিছো।
অনুষ্ঠানত বাংলাদেশ গুৱাহাটীৰ এচিষ্টেণ্ট হাই কমিছনাৰ ডক্টৰ শ্বাহ মহম্মদ তনবীৰ মনছুৰ, সৌমিন ভট্টাচাৰ্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.