ফিছফেডে বহু নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াইছে

0 276

সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চাৰিওফালে ক’ৰণা ভাইৰাছে সন্ত্ৰাসৰ তাণ্ডৱ চলাই আছে। এই সন্ত্ৰাসৰ সময়তে সমগ্ৰ অসমৰ যিসমূহ মীনপালনৰ সৈতে জড়িত ব্যক্তি আছে সেইসকললৈ আছে আশাৰ বতৰা। মৎস্য উৎপাদনেৰে স্বাৱলম্বী হ’ব পৰাকৈ অসমত বহুখিনি উপযুক্ত সম্ভাৱনা আছে। ক’ভিড১৯ ৰ সকলো নিয়ম মানি চলি লকডাউনৰ সময়ছোৱাত জিলা প্ৰশাসনে ফিছফেডক ৰিটেইল আউটলেটটো চলাবলৈ নিৰ্দেশ দিছিল। ফিছফেডত যিসমূহ চ’চাইটি সদস্য হিচাপে আছে সেইসমূহ প্ৰডাকচনক মৎস্য বিক্ৰীৰ বাবে ফিছফেডৰ তৰফৰ পৰা সা সুবিধা কৰি দিছিল। বৰ্তমানলৈকে সমগ্ৰ গুৱাহাটীতে ফিছফেডে ৩৯০০০কেজি মাছ বিক্ৰী কৰিছে। মাছ বিক্ৰীৰ বাবদ সৰ্বমুঠ ১কোটি ২৫লাখ টকা লাভ কৰিছে। গুৱাহাটীৰ বাহিৰৰ সকলোখিনি মীন বিভাগৰ তত্ত্বাৱধানত চলি আছে। লকডাউনৰ বাবে মাছৰ আমদানি আৰু ৰপ্তানি বন্ধ হৈ আছে যাৰ ফলত ইয়াতেই উৎপাদিত মাছেৰে ৰাজ্যবাসীৰ প্ৰয়োজনীয়তা পূৰণ কৰি আছে বুলি জনায় ফিছফেডৰ মীন উন্নয়ন বিষয়া অৰূপ জ্যোতি পাটগিৰীয়ে।
 
 
উল্লেখনীয় যে ফিছফেডৰ অন্তৰ্গত প্ৰায় এহেজাৰ জন মীনপালক এই ক্ষেত্ৰত উপকৃত হৈছে। প্ৰথমতে লকডাউনৰ সময়ত ৰাজ্যৰ মীনপালক সকল বহু অসুবিধাত পৰিছিল। তাৰ পিছত তেওলোকক সুবিধা কৰি দিয়া হয়। কিয়নো বৰ্তমান সময়ত মাছে পোনা দিয়াৰ সময়। মৎস্য উৎপাদনকাৰী লোকসকলৰ লগতে যিবিলাক মাছৰ পোনা উৎপাদন কেন্দ্ৰ আছে সেইসমূহেও এই সময়তে মাছৰ পোনা সমূহৰ উৎপাদন কৰে। সমগ্ৰ অসমতে মীন পালনৰ জৰিয়তে যুৱপ্ৰজন্ম সকল স্বাৱলম্বী হ’ব পৰাকৈ এক বৃহৎ সোণালী সুযোগ আছে ৷ এইক্ষেত্ৰত যদি যুৱপ্ৰজন্মই বিজ্ঞানসন্মত ভাৱে মৎস্য উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে তেতিয়াহ’লে ৰাজ্যৰ মীন বিভাগ বহুখিনি লাভৱান হ’ব লগতে নিবনুৱা সমস্যাৰো কিছু সমাধান হ’ব।

Leave A Reply

Your email address will not be published.