কামৰূপ জিলাৰ বকোত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বনগাঁও আঞ্চলিকৰ অন্তৰ্গত কাহিবামা প্ৰাথমিক শাখাৰ উদ্যোগত কাহিবামা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত জন্ম জয়ন্তী উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে কাহিবামা প্ৰাথমিক শাখাৰ সভাপতি বিলেশ্বৰ ৰাজবংশীয়ে।ইয়াৰ পিছতে গাঁৱখনত ভাগৱত ভ্ৰমণ কাৰ্যসূচী মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সদস্য ভৱানন্দ দাসে।ভাগৱত ভ্ৰমণৰ সময়ত গাঁৱৰ প্ৰতিটো পৰিয়ালে নিজ নিজ পদূলিত শৰাই ,গামোচা আগবঢ়াই ৰাইজক সেৱা জনায় ।শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভক্তপ্ৰাণ লোকে জাতীয় সাজ পোছাক পৰিধান কৰাৰ উপৰিও অধিক সংখ্যক মহিলাই ঘৰত বোৱা সাজ-পাৰ পৰিধান কৰি জন্ম জয়ন্তীক বিশেষ মাত্ৰা প্ৰদান কৰে ।উল্লেখযোগ্য যে বকোৰ কাহিবামা গাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰটো প্ৰয়াত ধৰ্মেশ্বৰ মেধিয়ে নিজৰ মাটি দান দি প্ৰতিষ্ঠা কৰিছিল।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি