মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে নিজে বাইক ৰেলী কৰি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ চুকে-কোনে ব্যাপক জনসচেতনতা গঢ়ি তুলিছে। ইয়াৰ এটাই লক্ষ্য সকলোৰে মাজত পথ-সুৰক্ষা সজাগতা গঢ়ি অসমৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখা। পথ-সুৰক্ষাৰ এই জনসচেতনতাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগেও গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। এতিয়া বনভোজৰ বতৰ, সন্মুখত বৰদিন, ৩১ডিচেম্বৰ, নৱবৰ্ষ আদৰণি আৰু মাঘবিহুৰ অপাৰ আনন্দ উপভোগৰ সময় ৷ ইফালে এই শীতকালত নিশাৰ ভাগত চৌদিশ কুৱলীয়ে আবৃত হৈ থকা অৱস্থাত যান-বাহন চলোৱাটো অত্যন্ত জটিল কাম ৷ সেয়ে বনভোজৰ লগতে পুৰণি বছৰক বিদায় আৰু নৱবৰ্ষ উদযাপনৰ নামত আনন্দত মতলীয়া হৈ কোনোৱে যাতে অত্যধিক মদ্যপান কৰি তীব্ৰবেগত যানবাহন চলাই অসহনীয় দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে তাৰবাবে জিলা প্ৰশাসন,আৰক্ষী বিভাগেৰে একাকাৰ হৈ পৰিবহণ বিভাগে শুকুৰবাৰে নিশা ৰাজধানী মহানগৰ গুৱাহাটীৰ গণেশগুৰিত ব্যাপক জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত জনসচেতনতা অভিযানৰ কাৰ্যসূচীত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বনভোজৰ সময়ত গ্ৰহণ কৰিবলগীয়া বিভিন্ন সজাগতাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে, শীতকালত নিশা চৌদিশ কুৱলীয়ে আবৃত কৰি ৰখা সময়ত সকলোৱে গাড়ীৰ গতিবেগ সীমিত কৰি ৰাখক। পৰাপক্ষত গাড়ীৰ হেডলাইট দুটা জ্বলাই পোহৰ অৱনমিত কৰি ৰাখক, যাতে সন্মুখৰ গাড়ীখনে আপোনাৰ অৱস্থিতিৰ উমান পায়। গাড়ীত যদি ফগ লাইট থাকে তেন্তে জ্বলাই ৰাখক, মাজে মাজে wiper ব্যৱহাৰ কৰক,কুৱলীৰ আচ্ছাদন অধিক ডাঠ হ’লে গাড়ীখন পথৰ বাঁওকাষে সুৰক্ষিতভাৱে ৰখাওক আৰু বতৰ পৰিবৰ্তন হোৱালৈ অপেক্ষা কৰক । যদিহে অতিকৈ প্ৰয়োজন নহয় তেন্তে নিশাৰ যাত্ৰা বৰ্জন কৰিবলৈয়ো তেওঁ আহ্বান জনায়। কিয়নো কুৱলীয়ে আবৃত পৰিৱেশত নিশা দৃশ্যমানতা বহু কমি যায় বাবে এই সময়ত গাড়ী চলোৱাটো যথেষ্ট কঠিন হৈ পৰে বুলিও সকিয়াই দি সকলোকে এইক্ষেত্ৰত সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক,ক্ৰীড়া সংগঠক প্ৰণয় বৰদলৈয়ে আমি সকলোৱে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ কথা জানিও একাধিক লোকৰে নিয়ম ভংগৰ প্ৰৱনতা থকাৰ বাবেই পথ দুৰ্ঘটনাৰ বলি হ’ব লাগে বুলি উল্লেখ কৰি সকলোকে পথসুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত থাকি পোনতে এটি ভক্তিমূলক গীতেৰে পথত চলাচলৰ বাবে অতি ভয়ংকৰ শীতকালৰ এই সময়খিনি পথ-সুৰক্ষাৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ বাবে মঙ্গলজনক হোৱাৰ কামনা কৰে। ৰাতি সঙ্গীতৰ অনুষ্ঠান পৰিবেশন কৰি ওভতাৰ পথত চালকৰ টোপনিৰ বাবে গুৰুতৰ পথ দুৰ্ঘটনাত আক্ৰান্ত হৈ দুবছৰ পৰ্যন্ত অনুষ্ঠান পৰিবেশনৰ পৰা বিৰত থাকিবলগীয়া হোৱাৰ উপৰি তেওঁৰ মাতৃয়ে এতিয়াও দুৰ্ঘটনাৰ আতংক সহ্য কৰিবলগীয়া কথা উল্লেখ কৰি সকলোকে পথ-সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। প্ৰাক্তন পৰিবহণ বিষয়া দ্বীজেন দাসে প্ৰতিগৰাকী লোককে নিজৰ লগতে আনৰো সুৰক্ষাৰ কথা ভাবিহে পথত চলাচল কৰিবলৈ আহ্বান জনায় । পথ সুৰক্ষা সজাগতা অনুষ্ঠানটোত চন্দ্ৰশেখৰ দাসৰ ৰচনা-পৰিচালনাত “নেডফিমছ”ৰ শিল্পীসকলে বাটৰ নাট পৰিবেশন কৰি যানবাহন চলোৱাৰ সময়ত “পঞ্চসূত্ৰ”ৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। অনুষ্ঠানত পথ-সুৰক্ষা সজাগতামূলক বিভিন্ন দৃশ্য-শ্ৰৱ্য প্ৰদৰ্শন কৰি সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন