খোৱা খাদ্য,বাসস্থানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে।এই মন্তব্য পৰিবেশ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ। বন্যপ্রাণী মানুহৰ সংঘাত আৰু সহ অৱস্থান শীর্ষক এখন কৰ্মশালাত লহকৰে এই মন্তব্য কৰে।বনাঞ্চলৰ সংখ্যা কমি যোৱাৰ ফলত বন্যপ্রাণী জনাঞ্চললৈ ঢাপলি মেলিছে । যাৰ ফলত একাংশ লোক ত্ৰাসিত হৈ বিভিন্ন পন্থা অৱলম্বন কৰে।কৰ্মশালাখনত উপস্থিত থাকি বিভাস তালুকদাৰে কয় যে দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ২০০২ চনতে স্বীকৃতি প্ৰদান কৰিছে যদিও এই সম্পর্কে উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ নোহোৱাৰ ফলশ্ৰুতিত বহুতে নাজানে।উত্তৰ পূব খন জৈৱ বৈচিত্র্যৰে পৰিপূৰ্ণ।সেয়েহে পৰিবেশ,পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়েও আমি সজাগ হোৱাটো দৰকাৰ।কৰ্মশালাখনত উপস্থিত থাকি সাংবাদিক সমুদ্র গুপ্ত কাশ্যপে বন্যপ্রাণীৰ ক্ষেত্রত সংবাদ পৰিবেশনত সাংবাদিকৰ ভূমিকা আৰু সাংবাদিকে সংবাদ পৰিবেশনত ল’ব লগা সাৱধানতাৰ সম্পর্কে প্ৰশিক্ষণ প্ৰদান কৰে।কৰ্মশালাখনত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,প্ৰণয় বৰদলৈ,ড০ ৰথিন বৰ্মন,ড০ অনুপম শৰ্মা,কৌশিক বৰুৱা,শুভময় ভট্টাচার্য্য,ড০ পৰিমল চন্দ্র ভট্টাচার্য্য উপস্থিতি থাকে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন