বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্রহণ

0 50

এই বছৰৰ বন্যপ্ৰাণী সপ্তাহৰ বিষয়বস্তু হৈছে সহাৱস্থানৰ জৰিয়তে বন্যপ্ৰাণীৰ সংৰক্ষণ।জৈৱ বৈচিত্ৰ্য আৰু মানুহৰ মংগলৰ বাবে এনে সহাৱস্থান অতি গুৰুত্বপূৰ্ণ- এই মন্তব্য পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।আজি গুৱাহাটীৰ পাঞ্জাবাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।তেওঁ লগতে কয় যে বন্যপ্ৰাণীৰ সৈতে সংঘাত হ্ৰাস কৰি সহাৱস্থানৰ বাবে ব্যাপক জনসচেতনতাৰ প্ৰয়োজন। ইয়াৰ বাবে আমি সকলোৱে সহযোগিতাৰে কাম কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বন্যপ্ৰাণীসমূহৰ প্ৰাকৃতিক বিচৰণভূমি অটুট ৰখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে।
তেওঁ লগতে কয় যে অসম জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত এখন অতি চহকী ৰাজ্য। এই মূল্যৱান সম্পদৰাজি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ প্ৰাকৃতিক সম্পদ তথা জৈৱ-বৈচিত্ৰৰ সংৰক্ষণ আৰু বিকাশৰ বাবে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি আছে বুলি তেওঁ মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্রত বিভাগৰ আগশাৰীৰ কৰ্মী (ফ্ৰণ্টলাইন ৱৰ্কাৰ) সকলে জাৰ-জহ আৰু বিপদৰ শংকা নেওচি আগবঢ়োৱা সেৱাৰ শলাগ লয়।এই প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্রমণকালত এনে আগশাৰীৰ কৰ্মী সকলৰ সৈতে কৰা আলাপৰ কথা তেওঁ কৃতজ্ঞতাৰে উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বন্যপ্ৰাণীৰ সংৰক্ষণ, উদ্ধাৰ, চোৰাং চিকাৰ ৰোধ আদিত অংশগ্রহণ আৰু সফলতা লাভ কৰা ৰাজ্যখনৰ বিভিন্ন স্থানত কৰ্তব্যৰত বহুকেইগৰাকী বনকৰ্মীক সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্র-ছাত্ৰী সকলকো পুৰস্কাৰ প্ৰদান কৰা হয়। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে ‘ৱেটলেণ্ড এটলাচ অব নামেৰী’কে ধৰি দুখন গ্ৰন্থ আৰু দুখন তথ্যচিত্র উন্মোচন কৰে।

আজিৰ অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰব্বী ৰাজপাল সিং, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক পি জে বিজয়কাৰ, হৃদেশ মিশ্র, ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এইচ কে চৌধুৰীৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰী, পৰিৱেশ কৰ্মী, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু বন্যপ্ৰাণীপ্ৰেমী লোক উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.