গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্ত্তী দিপৰ বিলক পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগৰ সহযোগত অসম পর্যটন উন্নয়ন নিগমে এক প্রকল্প নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে । নানা পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি হিচাপে পৰিচিত দিপৰ বিলৰ সৌন্দৰ্য দেশ বিদেশৰ পৰ্যটকক উপভোগ কৰাৰ সুবিধা দিবলৈ ইয়াৰ সমীপত এক আন্ত : গাঁথনি নিৰ্মাণ কৰাৰ বাবে কালি ৰাজ্যৰ পৰ্যটন , শক্তি , ক্রীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক মন্ত্রী বিমল বৰা অধ্যক্ষতাত তেওঁৰ সভাকক্ষত বহা এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় । সাংস্কৃতিক আৰু পর্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ , বন বিভাগৰ অতিৰিক্ত প্রধান বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদব , পর্যটন বিভাগৰ সঞ্চালিকা মধুমিতা ভাগৱতীকে ধৰি পৰ্যটন উন্নয়ন নিগম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত গ্রহণ কৰা হয় । সভাত হোৱা আলোচনাত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ফোন যোগে অংশগ্ৰহণ কৰে । সভাত লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটী মহানগৰীৰ সমীপতে অৱস্থিত দিপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হিচাপে গঢ়ি তোলা আৰু এই উদ্দেশ্যে সম্প্ৰতি বিলৰ পাৰত থকা বন বিভাগৰ আন্ত : গাঁথনি এই প্রকল্পৰ আধাৰত পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰি তাতেই পর্যটকৰ বাবে প্রয়োজনীয় সা – সুবিধা গঢ়ি তোলা হ’ব । এই প্ৰকল্পৰ অধীনত এটি একুৰিয়াম , নীৰিক্ষণ স্তম্ভ ( ৱাটছ টাৱাৰ ) , নাও চলোৱাৰ স – সুবিধা , কেন্টিন আৰু সুবিধাজনক পাঁচ স্থানত ব’ট হাউছ নিৰ্মাণ কৰা হ’ব । ইয়াৰ বাবে বহুদিন ধৰি চিন্তা – চৰ্চা কৰি থকা হৈছে যদিও আজি এই সন্দর্ভ সিদ্ধান্তত গ্রহণ কৰা হয় । ইতিমধ্যে এই প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে বাজেটত চাৰি কৌটি টকা নিৰ্দ্ধাৰণ কৰি থৈছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী