অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে সমাজৰ সৰ্বস্তৰতে ব্যাপক পথ-সুৰক্ষা জনসচেতনতা সৃষ্টিত উঠিপৰি লাগিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত মহানগৰ জিলাখনৰ লগতে ইয়াৰ সমীপৰ বিভিন্ন ৰঙালী বিহু সন্মিলনীত সমৱেত ব্যাপকসংখ্যক ৰাইজৰ সন্মুখত ব্যতিক্ৰমী অনুষ্ঠান পৰিৱেশন কৰি সুৰক্ষিত যাতায়াতৰ প্ৰতি সকলোকে দায়বদ্ধ কৰিব পৰাকৈ বিভাগটোৱে পাৰ্যমানে প্ৰচেষ্টা চলাইছে। দেওবাৰে চিৰিয়াখানা আঞ্চলিক ৰঙালী বিহু সন্মিলনী, শনিবাৰে চন্দ্ৰপুৰৰ ঠাকুৰকুছি ব’হাগী উৎসৱ আৰু ইয়াৰ আগেয়ে ক্ষেত্ৰী, তেতেলীয়া গান্ধীনগৰ ৰঙালী বিহু সন্মিলনত পথ-সুৰক্ষা সজাগতাৰ বাণী সম্বলিত বিহুগীত, বিহুহুচৰি, সজাগতামূলক নাটক আদিৰে যুৱপ্ৰজন্মকে ধৰি সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বাহন চালনাৰ নীতি নিৰ্দেশনা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয়। গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ নেতৃত্ব বহন কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে বিহুৰ অনুষ্ঠানসমূহত সমবেত আই-মাতৃসকলক নিজৰ সন্তান, নাতি-পুতিৰ হাতত হেলমেট-ছীটবেল্ট তুলি দি তীব্ৰবেগ পৰিহাৰ কৰি সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সবিনয়ে আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ যানবাহন ব্যৱহাৰকাৰীক কেবল নিয়মৰ খাতিৰত নহয় সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত যানবাহন চালনাৰ নীতি-নিয়মসমূহ মানি চলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ব্যতিক্ৰমী অনুষ্ঠানসমূহত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীতকে ধৰি পথ-সুৰক্ষাৰ নীতিনিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা গীত, নাটক আৰু বিহু হুচৰিয়ে শ্ৰোতা দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰে ৷
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ