অসমত বাঁহ উদ্যোগ স্থাপনৰ পোষকতা মুম্বাইৰ ফেনিস্ক ফাউন্ডেচনৰ

0 127

বাঁহৰ গুণাগুণ আৰু ব্যৱসায়িক চাহিদাৰ প্ৰতি লক্ষ্য বহুমূখী প্ৰকল্পৰে অসমক সংযোজিত কৰিবলৈ মন মিলিছে মুম্বাইৰ মুখ্যমন্ত্রী টাক্স ফৰ্চৰ কাৰ্যবাহী অধ্যক্ষ পাশা পাটেলে। আজি দিছপুৰৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত কথা সদৰী কৰি পাটেলে কয় যে বাঁহ ব্যৱসায়িক ভিত্তি সম্পৰ্কত অসমত কৃষকৰ মাজত সজাগতা অনা,বাঁহ উদ্যোগ স্থাপন ইত্যাদিৰ পোষকতা কৰে। এই সংবাদ মেলত উপস্থিত থাকি বেম্বো লেডী খ্যাত নীৰা শৰ্মাই ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তত চলি থকা বেম্বো মিচনৰ কথা সদৰী কৰে। লগতে বাঁহ উদ্যোগৰ লগত জৰিত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখ্য যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াত সহযোগ কৰিছে পূৰ্বাঞ্চল আৰ্থ সামাজিক উন্নয়ন পৰিষদে।

সংবাদ মেলত বাঁহেৰে উৎপাদিত বিভিন্ন সামগ্রী যেনে বাঁহ বটল, ঘড়ী, কলম, ডায়েৰী ইত্যাদি সমূহ প্ৰদৰ্শিত হয়। ব্যৱসায়িক ভিত্তিত অসমত এই প্ৰকল্প ৰূপায়নৰ বিভিন্ন ঠাইত ক্ষেত্র ভিত্তি পৰিদৰ্শন কৰাৰ কৰা সংবাদ মেল যোগে জানিবলৈ দিয়ে। এই সংবাদ মেলত পংকজ পাঠক, মেঘালী দাসৰ লগতে বহু কেইজন উদ্যমী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.