চৰকাৰৰ উদ্যোগত তথা বাণিজ্য বিভাগৰ বিপনী আঁচনিৰ অধীনত আৰু ধাৰাপুৰ স্নেহ গ’ল্ড ফাউণ্ডেচনৰ সহযোগত বিগত ৬ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ধাৰাপুৰ স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বাণিজ্য মেলাৰ প্ৰদৰ্শনীৰ আজি সফল সামৰণি পৰে।ধাৰাপুৰ স্কুল খেলপথাৰত প্ৰথমবাৰৰ বাবে বাণিজ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত বাণিজ্য মেলাখনে ক্ৰেতা দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।বাণিজ্য মেলা পৰিচালনা সমিতিৰ সভাপতি গৌতম দাস,সম্পাদক কুশল চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত কলিতাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে বাণিজ্য মেলাখনত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ৮২ টা বাণিজ্যিক বিপনীয়ে অংশগ্ৰহণ কৰে।খাদ্যসামগ্ৰী,বস্ত্ৰসম্ভাৰ,ঘৰুৱা আঁচ-বাব,প্ৰসাধন সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰী উপলব্ধ হোৱা বাণিজ্য মেলালৈ প্ৰতিদিনে যথেষ্ট লোকৰ সমাগম ঘটে।ইপিনে বাণিজ্য মেলাৰ সৈতে সংগতি ৰাখি আধুনিক গীত,একক আধুনিক নৃত্য,চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।আধুনিক গীত প্ৰতিযোগিতাৰ ক শাখাত গুনগুন কাশ্যপে প্ৰথম,ভাস্বতী ৰাজবংশীয়ে দ্বিতীয় আৰু আকাংক্ষা শৰ্মাই তৃতীয় স্থান লাভ কৰে।আনহাতে খ শাখাত নিৰ্মালী দাসে প্ৰথম,কৃতিকা নাথ আৰু ৰিম্পী কলিতাই যুতীয়াভাৱে দ্বিতীয় আৰু দেৱাস্মিতা কাশ্যপে তৃতীয় স্থান লাভ কৰে।একক আধুনিক নৃত্য প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম বনাশিখা দত্ত আৰু নম্ৰতা শৰ্মাই দ্বিতীয় আৰু কৃতিকা কলিতাই তৃতীয় স্থান লাভ কৰাৰ লগতে খ শাখাৰ নেহা জেচিয়ে প্ৰথম,স্নেহা কৰে দ্বিতীয় আৰু ভায়েলিনা দাসে তৃতীয় স্থান অৰ্জন কৰে।তদুপৰি চিত্ৰাংকন প্ৰতিযোগিতাত বিশ্বজিৎ দাসে প্ৰথম,গীতাৰ্থ কলিতাই দ্বিতীয় আৰু ফাৰিদা চুলতানাই তৃতীয় স্থান লাভ কৰে।লগতে দিহানাম প্ৰতিযোগিতাত আজাৰাৰ মহামায়া নামতী দলে প্ৰথম,ধাৰাপুৰৰ নিজৰা কলিতাৰ দলে দ্বিতীয় আৰু মাজৰগাঁৱৰ যামিনী কলিতাৰ দলে তৃতীয় স্থান অৰ্জন কৰে।উল্লেখ্য যে এম.বি বিপনী উদ্যোগে প্ৰথম,মা শিলু ক্ষুদ্ৰ উদ্যোগ,পল্লবী ক্ৰিয়েচন আৰু শেৱালি উদ্যোগে যুটীয়াভাৱে দ্বিতীয়,হাইদৰ কেন এণ্ড বেম্ব’ ইণ্ডাষ্ট্ৰী আৰু অমিয়া ইণ্ডাষ্ট্ৰীয়ে যুটীয়াভাৱে তৃতীয় শ্ৰেষ্ঠ বাণিজ্যিক বিপনীৰ বঁটা লাভ কৰে।স্নেহ গ’ল্ড ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত বঁটা বিতৰণী সভাত শ্ৰেষ্ঠ প্ৰতিযোগী ফলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়।উল্লেখ্য বাণিজ্য মেলাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বৰ্ণময় সাংস্কৃতিক অনুষ্ঠানত অদিষ্ণা ৰাজবংশী,জ্ঞানশংকৰ বৰুৱা,জিলমিল ৰূপালী জোনাক,লতিকা দাস আৰু মিচ গাৰ্গীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি