বানত প্লাবিত হৈ পৰিছে কাজিৰঙাৰ বহু অঞ্চল

0 266

বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব সীমাৰ ধনশিৰিমুখত বিপদ সীমা অতিক্ৰম কৰাৰ পাচত প্লাৱিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল । ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠই ভেঙ্গৰাই, ডিফলু মৰিধনশিৰি আদিৰে উদ্যানৰ ভিতৰলৈ পানী প্ৰৱেশ কৰিছে।
 
আজি বিয়লিৰ পোৱা তথ্য মতে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ১১৮ মিটাৰ ওপৰত আছে। যাৰ বাবে প্লাৱিত হৈছে কাজিৰঙা । সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৩টা বন শিবিৰৰ তল প্লাৱিত হৈছে । ইয়াৰে কহঁৰা বনাঞ্চলৰ ৬টা, বাগৰি বনাঞ্চলৰ ৬টা, অগৰাতলি বনাঞ্চলৰ ১৬টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩টা আৰু ষষ্ঠ সংযোজন এলেকাৰ ২টা বনশিবিৰৰ তলত পানী সোমাইছে।
 
ৰাষ্ট্ৰীয় উদ্যানখনত বান পৰিস্থিতি জটিল হোৱা নাই যদিও উদ্যানৰ ভিতৰত কৰ্মৰত বিভাগীয় হাতীবোৰ বাহিৰলৈ আনিবৰ বাবে নিৰ্দেশ দিয়াৰ লগতে সম্ভাব্য বন্যপ্ৰাণীৰ প্ৰব্ৰজনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত বেৰিকেড স্থাপন কৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷
 
অৱশ্যে দুই এটা প্ৰাণীৰ বাহিৰে দক্ষিণৰ কাৰ্বি পাহাৰলৈ এতিয়াও বন্যপ্ৰাণীৰ সামূহিক প্ৰব্ৰজন লক্ষণীয় হোৱা নাই ৷ কাৰণ উদ্যানখনত থকা পূৰ্বৰ ১০৩টা আৰু যোৱা বৰ্ষত নতুনকৈ নিৰ্মাণ কৰা ৩৩টা হাইলেণ্ডত বন্যাপ্ৰাণীয়ে আশ্ৰয় গ্ৰহণ কৰাৰ তথ্য লাভ কৰা গৈছে ৷ তথাপিও কাৰ্বি পাহৰলৈ যোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙাৰ বন বিভাগে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.