তেজপুৰত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট অল শোণিতপুৰ অপেন ইন্টাৰ ক্লাৱ টাইকোৱানডো প্ৰতিযোগিতাত বালিপৰা টাইকোৱানডো একাডেমিৰ সাফল্য।মুঠ ২৬ টা মেডেল তথা বেষ্ট ফাইটাৰ খিতাপ অৰ্জন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে শোণিতপুৰৰ বালিপৰা টাইকোৱানডো ক্লাৱৰ প্ৰশিক্ষাৰ্থী সকলে। একাডেমিটোৰ কৰণ ভূমিজে কিউৰোগিত সোণৰ পদক তথা পুমচেত চিলভাৰ,সম্ভাবনা দত্তই কিউৰোগিত চিলভাৰ তথা পুমচেত ব্ৰঞ্জ,বৰষা ৰাভা সোণৰ পদক তথা জুনিয়ৰ গাৰ্লছ বেষ্ট ফাইটাৰ ,জ্যোতিময় শইকীয়া চিলভাৰ, মানস কুৰ্মী চিলভাৰ,নিবেদিতা দাস ছিলভাৰ,হেঙুল দে ছিলভাৰ,দীপজ্যোতি সৰকাৰ চিলভাৰ,ভাস্কৰ দাস সোন,জিজ্ঞাশ্ৰী ডেকা শৰ্মা ব্ৰঞ্জ,জয়া দাস ব্ৰঞ্জ,ৰাহুল লিম্বু ব্ৰঞ্জ,জ্যোতি দাস ব্ৰঞ্জ,বিচিত্ৰ নাৰ্জাৰী ব্ৰঞ্জ,প্ৰজ্ঞানজ্যোতি দাস ব্ৰঞ্জ,অচ্যুত দাস ব্ৰঞ্জ,অঙ্কিতা ভূঞা ব্ৰঞ্জ,অনচ পুলামে ব্ৰঞ্জ,আনভি গগৈ ব্ৰঞ্জ,বিহান কাশ্যপ ভূঞা ব্ৰঞ্জ,অমিয়া দাস ছিলভাৰ,চুংখউ বসুমতাৰী ব্ৰঞ্জ,হিমাদ্ৰী কোচে ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।প্ৰশিক্ষক হিচাপে আছিল হৰেণ ভূমিজ আৰু দীপজ্যোতি শইকীয়া। অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত তথা অসম টাইকোৱানডো সন্থাৰ স্বীকৃতিপ্ৰাপ্ত শোণিতপুৰ জিলাৰ অধীনত থকা বালিপৰা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলে বালিপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি