তেজপুৰত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট অল শোণিতপুৰ অপেন ইন্টাৰ ক্লাৱ টাইকোৱানডো প্ৰতিযোগিতাত বালিপৰা টাইকোৱানডো একাডেমিৰ সাফল্য।মুঠ ২৬ টা মেডেল তথা বেষ্ট ফাইটাৰ খিতাপ অৰ্জন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে শোণিতপুৰৰ বালিপৰা টাইকোৱানডো ক্লাৱৰ প্ৰশিক্ষাৰ্থী সকলে। একাডেমিটোৰ কৰণ ভূমিজে কিউৰোগিত সোণৰ পদক তথা পুমচেত চিলভাৰ,সম্ভাবনা দত্তই কিউৰোগিত চিলভাৰ তথা পুমচেত ব্ৰঞ্জ,বৰষা ৰাভা সোণৰ পদক তথা জুনিয়ৰ গাৰ্লছ বেষ্ট ফাইটাৰ ,জ্যোতিময় শইকীয়া চিলভাৰ, মানস কুৰ্মী চিলভাৰ,নিবেদিতা দাস ছিলভাৰ,হেঙুল দে ছিলভাৰ,দীপজ্যোতি সৰকাৰ চিলভাৰ,ভাস্কৰ দাস সোন,জিজ্ঞাশ্ৰী ডেকা শৰ্মা ব্ৰঞ্জ,জয়া দাস ব্ৰঞ্জ,ৰাহুল লিম্বু ব্ৰঞ্জ,জ্যোতি দাস ব্ৰঞ্জ,বিচিত্ৰ নাৰ্জাৰী ব্ৰঞ্জ,প্ৰজ্ঞানজ্যোতি দাস ব্ৰঞ্জ,অচ্যুত দাস ব্ৰঞ্জ,অঙ্কিতা ভূঞা ব্ৰঞ্জ,অনচ পুলামে ব্ৰঞ্জ,আনভি গগৈ ব্ৰঞ্জ,বিহান কাশ্যপ ভূঞা ব্ৰঞ্জ,অমিয়া দাস ছিলভাৰ,চুংখউ বসুমতাৰী ব্ৰঞ্জ,হিমাদ্ৰী কোচে ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।প্ৰশিক্ষক হিচাপে আছিল হৰেণ ভূমিজ আৰু দীপজ্যোতি শইকীয়া। অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত তথা অসম টাইকোৱানডো সন্থাৰ স্বীকৃতিপ্ৰাপ্ত শোণিতপুৰ জিলাৰ অধীনত থকা বালিপৰা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলে বালিপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন