শোণিতপুৰৰ বালিপৰাৰ স্থায়ী দুৰ্গা মন্দিৰৰ সভাগৃহত আজি অনুষ্ঠিত এক সভাত বালিপৰা শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয় । শোণিতপুৰ জিলা সাহিত্য সভাৰ তত্বাৱধানত তথা সাহিত্যিক নকুল কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে সাহিত্য সভাৰ জিলা সম্পাদক দুলাল নাথে । উদ্দেশ্যে ব্যাখ্যা নাথে অসমৰ সাহিত্য-সমাজ ব্যৱস্থাত অসম সাহিত্য সভাৰ ভূমিকা, শাখা সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্য , সভাই সাহিত্যৰ বিকাশৰ হেতুকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অবলোকন কৰে । জিলা কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জিলা সমিতিৰ কোষাধ্যক্ষ কিৰণ চন্দ্ৰ বৰাই ভাষণ প্ৰসংগত কয় যে অসমৰ জাতীয় জীৱনত অসম সাহিত্য সভাৰ যুগান্তকাৰী ভূমিকা আছে । সাহিত্য সভাই জন্মলগ্নৰেপৰা সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে । ” সভাখনত সৰ্বসন্মতিমৰ্মে বালিপৰাৰ বিশিষ্ট সাহিত্যিক,শিক্ষক নকুল কুৰ্মীক সভাপতি, যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰাক সাধাৰণ সম্পাদক , সাংবাদিক নিৰলা ডেকাক সহকাৰী সম্পাদিকা, উপসনা বৰাক পত্ৰিকা সম্পাদিকা হিচাপে লৈ এখন ১৫ জনীয়া বালিপৰা শাখা সাহিত্য সভাৰ শক্তিশালী নতুন সমিতি গঠন কৰা হয় । সভাখনত জিলা প্ৰচাৰ উপ-সমিতিৰ তথা সাংবাদিক দিলীপ সৰকাৰ, বালিপৰা ব্যৱসায়ী সন্থাৰ সভাপতি ভূপেন হাজৰিকা, সমাজকৰ্মী মৃণাল শইকীয়া, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কামিনী বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য চাহিন আহমেদ , বালিপৰা শাখা সাহিত্য সভাৰ সদ্য প্ৰাক্তন সম্পাদক প্ৰভাত চন্দ্ৰ বৰা, অজিৎ কুমাৰ দে, জোনাৰাম শইকীয়াৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাৰ লগত সংগতি ৰাখি সংগীত পৰিৱেশন কৰে শিল্লী সন্ধ্যাশ্ৰী দাসে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন