দক্ষিণ কামৰূপৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ কলিতা মাৰ্কেটত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অসমীয়া সপ্তাহিক প্ৰভাতী অসম নামেৰে এখন কাকতৰ নামকৰণ আনুষ্ঠানিক ভাৱে শুভ-উন্মোচন কৰা হয়। অহা ২০ জুন ৰাভা দিৱসৰ দিনা সপ্তাহিক কাকত ‘প্ৰভাতী অসম’ প্ৰথম সংখ্যা পাঠক ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।এই উপলক্ষে আজি উত্তৰ পূৱ জৈন সমাজ সম্পাদক ললিত কুমাৰ জৈনৰ সভাপতিত্বত কাকতখনৰ নামকৰণ উন্মোচনী সভা অনুষ্ঠিত হয়। ৰামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীনমণী কলিতাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ আঁতধৰে সাংবাদিক বিমল শৰ্মাই আৰু উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰাতঃটাইমৰ পৰিচালক সঞ্চালক খনিন্দ্ৰ কলিতাই।অনুষ্ঠানত গুৱাহাটীৰ অসম আয়ুবেৰ্দিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতা, ৰামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিনমণি কলিতা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ অবিনাশ মহন্ত, সাংবাদিক পৰিষদ, অসম, কামৰূপ জিলা সমিতিৰ সভাপতি দীপক চন্দ্ৰ কলিতাই উপস্থিত থাকি সপ্তাহিক কাকত ‘প্ৰভাতী অসম’ৰ নামকৰণ আনুষ্ঠানিকভাৱে মুকলি কৰি বৰ্তমান সংবাদ মাধ্যমৰ পৰিবেশ, অতীতৰ সংবাদ মাধ্যমৰ পৰিবেশ ধনাত্মক আৰু ঋণাত্মক দিশৰ ওপৰত ভাষণ প্ৰসঙ্গ উল্লেখ কৰে। লগতে দক্ষিণ কামৰূপ অঞ্চলটোৰ বিভিন্ন সমস্যা আছে এই সমস্যাসমূহ প্ৰকাশ হ’বলগীয়া সপ্তাহিক কাকতৰ জৰিয়তে উপস্থাপন কৰি ৰাইজৰ দৃষ্টি গোচৰ কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। সপ্তাহিক কাকত এখন প্ৰকাশ কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা স্বত্বাধিকাৰী খনিন্দ্ৰ কলিতাক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত অন্য এগৰাকী বক্তা সাংবাদিক পৰিষদ, অসম, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে যিকোনো অনুষ্ঠান, প্ৰতিষ্ঠান বা সামাজিক পৰিবেশৰ ওপৰত সংবাদ পৰিবেশন কৰিবলৈ যাঁওতে বহু চিন্তা আৰু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বুলি কয়। তেওঁ এই সন্দৰ্ভত ৰাইজ তথা সমাজৰ নেতৃত্ব লোৱা ব্যক্তিসকলৰ সহযোগিতা অতিকৈ প্ৰয়োজন বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰি এচাম মানুহৰ কেৱল সাংবাদিকৰ নেতিবাচক দিশ সকলো সময়তে চকুত পৰাৰ বিপৰীতে ইতিবাচক বা জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সমাজৰ বৃহত্তৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া সময়ত কিন্তু উৎসাহিত কৰা পৰিলক্ষিত নহয় বুলি দোহাৰে। দাসে কাকতখনৰ স্বত্বাধিকাৰী খনিন্দ্ৰ কলিতাৰ প্ৰচেষ্টাক শলাগ লয়। অনুষ্ঠানত দক্ষিণ কামৰূপৰ কেইবাগৰাকী জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক, সংবাদকৰ্মীক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO