অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ২২ ছেপ্টেম্বৰত বডোলেণ্ড পৰিষদীয় পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছতে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে তেওঁৰ কাৰ্যালয় কক্ষত ২৬ আগষ্টত এখন সংবাদ মেল সম্বোধন কৰি কয় য়ে তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ বাবে ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ মনোনয়নপত্ৰ বিতৰণ কৰা হ’ব। পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ মনোনয়নপত্ৰসমূহ উপলব্ধ থাকিব। মনোনয়নপত্ৰসমূহ যাতে শুদ্ধকৈ পূৰণ কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি “চেক্ লিষ্ট” এখনো দিয়া হ’ব বুলি ৰিটাৰ্নিং বিষয়াগৰাকীয়ে উল্লেখ কৰে। ২ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। নিৰীক্ষণ কৰা হ’ব ৪ ছেপ্টেম্বৰত। বৈধভাৱে মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৪ ছেপ্টেম্বৰত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৬ ছেপ্টেম্বৰ আৰু সিদিনাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।২৬ ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। লগতে তেওঁ উল্লেখ কৰে যে ২৬-দৰঙাজুলি (জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-১ত সহকাৰী আয়ুক্ত কবিতা ফাংছ’ই মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৭-নাগ্ৰীজুলি (অ-জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-২ত সহকাৰী আয়ুক্ত অৰুণিমা কাকতিয়ে মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৮-গয়বাৰী সমষ্টিৰ বাবে তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চক্ৰ বিষয়া এলিমা কাণ্ডুলনাই মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৯-শুক্লাই ছেৰফাং (জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-৪ত সহকাৰী আয়ুক্ত অনুপম ডেকাই মনোনয়নপত্ৰ বিতৰণ কৰিব। ঠিক তেনেদৰে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ বাবে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চক্ৰ বিষয়া ত্ৰিলীনা টাইদে মনোনয়নপত্ৰ বিতৰণ কৰিব। জনজাতীয় প্ৰাৰ্থীসকলে মনোনয়নপত্ৰৰ বাবে ৭৫ টকা আৰু অ-জনজাতীয় প্ৰাৰ্থীয়ে ১৫০ টকা জমা দিব লাগিব। উল্লেখ্য যে তামুলপুৰ জিলাৰ পাঁচোটা সমষ্টিত ৩৯৫টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ৩,৪৫,৭৭০গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে জিলাখনত শান্তিপূৰ্ণ আৰু সুশৃংখল নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা সাজু কৰি তুলিছে। সংবাদমেলখনত জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে এইবাৰৰ তামুলপুৰৰ নিৰ্বাচন “সেউজ নিৰ্বাচন” হিচাপে অনুষ্ঠিত কৰা হ’ব। সেয়ে প্লাষ্টিকৰ উপৰি পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলাব পৰা সামগ্ৰী বৰ্জন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। লগতে তেওঁ উল্লেখ কৰে যে জিলাখনৰ ৩৯৫টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে একোজোপাকৈ মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ’ব। তেওঁ জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক বিবেক ভোট প্ৰদান কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO