বিদেশত গঁড় সুৰক্ষাৰ বাবে প্ৰচাৰ চলালে জুলিনে

1 349

অসমৰ চিহ্নই হৈছে গঁড়।গঁড়ে অসমৰ পৰিচয় বহন কৰে।কোনো ৰাজনৈতিক সমীকৰণৰ মাজত গঁড় আবদ্ধ নহয়।ই আমাৰ জাতিৰ গৌৰৱ।এই মন্তব্য প্ৰকৃতিপ্ৰেমী জুলিন বৰুৱাৰ।জুলিন বৰুৱাক প্ৰকৃতিপ্ৰেমী বুলি উল্লেখ কৰা হৈছে।কাৰণ জুলিন বৰুৱাই গঁড়ৰ সুৰক্ষা তথা গঁড়ৰ পৰিচয় দাঙি ধৰি ২৮ খন ৰাজ্য ভ্ৰমণ কৰিছে।২৬,৩০০ কি.মি বাইকেৰে অতিক্ৰম কৰি এক প্ৰকাৰৰ ইতিহাস ৰচনা কৰিলে।তেখেতে বিভিন্ন ৰাজ্যৰ বনমন্ত্ৰী সকলক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে।লগতে কেন্দ্ৰীয় বন মন্ত্ৰীকো সাক্ষাত কৰিছে।এই সমগ্ৰ কাৰ্য্যসূচীত বিভিন্ন ঠাইৰ বাইকাৰচ্ সকলৰ লগতে প্ৰবাসী অসমীয়া সকলে সহযোগ কৰিছিল।জুলিন বৰুৱাই যোৱা ১৫ মাৰ্চত গুৱাহাটীৰ পৰা কলিকতা হৈ কন্যাকুমাৰীহৈ অন্য অন্য ঠাইলৈ বাইকেৰে যাত্ৰা কৰিছিল।এনেদৰে বৰ্হিৰাজ্যত বাইকেৰে প্ৰচাৰ চলোৱাৰ প্ৰধান কাৰণৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কয় যে অসম খন চাবলৈ প্ৰতিবছৰে বহু পৰ্যটক আহে।কিন্তু প্ৰত্যক্ষভাৱে অসমলৈ অহা পৰ্যটকৰ সংখ্যা তেনেই নগণ্য।যাৰ বাবে ৰাজ্যই মধ্যভোগী হৈ অসমৰ ৰাজহ ভোগ কৰে।সেয়ে এনেদৰে প্ৰচাৰ কাৰ্য্যত চলালো।যদিও এই কাৰ্য্যসূচী মই অকলেই আৰম্ভ কৰিছো,ইয়াৰ সমৰ্থন ৬৫খন দেশৰ ১৩লাখ মানুহৰ আছে।ইতিপূৰ্বেও বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বিভিন্ন ঠাইত কাম কৰিছো।ভৱিষ্যতে ভিয়েটনামত গৈ প্ৰচাৰ চলোৱাৰ পৰিকল্পনা আছে।প্ৰিয় পাঠক এনেধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব Nefocus.comক।আপোনাৰ সহাঁৰিয়ে আমাক প্ৰেৰণা যোগাব।

 ধন্যবাদেৰে
 সংগীতা শইকীয়া,সম্পাদক
 এন ই ফ’কচ ডট কম

1 Comment
  1. pranab medhi says

    নতুনত্বৰ স্বাদ নিশ্চয়কৈ পাইছোঁ ne focusত

Leave A Reply

Your email address will not be published.