বিদেশত নৃত্য প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰিত হৈছে অসমৰ ৩ শিল্পী

0 265

সুখবৰ। সমূহ অসমবাসী তথা অসম প্ৰেমীলৈ সুখবৰ। শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক প্ৰতিযোগিতা নৃত্যৰ বাবে আমন্ত্ৰিত হৈছে ৩ গৰাকী শিল্পী। উল্লেযোগ্য যে গোৱালপাৰা জিলাৰ দুধনৈৰ নৃত্য কলা অকাডেমী প্ৰশিক্ষিকা ইলোৰা ৰায় দাসৰ নেতৃত্বত নৃত্য শিল্লী ৩ গৰাকী আজি ইতিমধ্যে শ্ৰীলংকা কলম্বোলৈ ৰাওনা হৈছে। স্মতৰ্ব্য যে ২০-২৪ ডিচেম্বৰলৈ এ বি এছ এছ গ্লোবেল কাউন্সিল আফ আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব লগা Multi Lingual Short Play Vocal Instrumental Mono Act and Dance প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে কিৰীটিমালা ৰাভা, শতাব্দী ৰায়, ইৰাফলুইন ডালবট চিৰাইও আৰু ইলোৰা ৰায় দাসে ভাৰত নাট্যম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই সম্পৰ্কে nefocus.com ৰ লগত হোৱা এক সাক্ষাৎকাৰত প্ৰশিক্ষিকা ইলোৰা ৰায় দাসে মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে – আমন্ত্ৰণ পাই খুবেই ভাল লাগিছে। ইমান পিছপৰা ঠাইৰ পৰা এনে ঠাইলৈ যোৱাৰ সুযোগ লাভ কৰি খুবেই সুখী হৈছো।

1

এনে ধৰণৰ সুখবৰে সকলোকে আনন্দিত কৰি তুলে । আমিও এই আনন্দৰ অংশীদাৰ হৈ জনাইছো অফুৰন্ত শুভকামনা ।

IMG-20161218-WA0026

IMG-20161218-WA0030

Leave A Reply

Your email address will not be published.