বিভিন্ন ঠাইত উদযাপিত হ’ল বিশ্ব পৰিবেশ দিৱস

1 325

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত জৰ্জ খেলপথাৰত গুৱাহাটী মেট্ৰ’পলিটান অথৰিটীয়ে এক বৃক্ষৰোপনৰ কাৰ্যসূচী আয়োজন কৰে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।কাৰ্যসূচী অনুসৰি বকুল, নিম আৰু কৃষ্ণচূড়া ৰোপন কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, জি এম ডি এৰ চেয়াৰমেন অশোক সিংঘাল, ডেপুটী চেয়াৰমেন আব্দুল মান্নান ফাৰুক, এডিচনেল চীফ চেক্ৰেটাৰী মনিন্দৰ সিঙৰ লগতে চি ই অ’ উমানন্দ দলে উপস্থিত থাকে। এখন সেউজ গুৱাহাটী আৰু ইয়াৰ পাৰিপাৰ্শ্বিক অৱস্থাটো সেউজীয়া কৰি তোলাৰ উদ্দেশ্যে এই বৃক্ষৰোপন কাৰ্যসূচী আয়োজন কৰে।
 
 
আনহাতে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই দিহিং পাটকাইক সংৰক্ষণৰ বাবে ভাস্কৰ্য প্ৰস্তুত কৰিছে ঢেকীয়াজুলিৰ এজন যুৱকে। ঢেকীয়াজুলিৰ যীচু হাজৰিকা নামৰ যুৱক জনে পেলনীয়া কাগজেৰে ভাস্কৰ্য  প্ৰস্তুত কৰি পৰিবেশ সংৰক্ষণৰ বাৰ্তা বিলাইছে।
 
ইফালে টীয়কৰ জাঁজীমুখৰ বৰমথাউৰীৰ বালিমাহী অৰণ্যত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত  টীয়ক আঞ্চলিক ছাত্ৰ সন্থা,শিমলুগুৰি মৌজা আছু আৰু ৰেঙণি এটি আশাৰ সহযোগত এক লাখ গছ পুলি ৰোপনৰ আঁচনিৰ শুভাৰম্ভ কৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। উল্লেখযোগ্য যে ললিত টাইড নামৰ এগৰাকী ব্যক্তিৰ একক প্ৰচেষ্টাত বাৰ বছৰৰ পূৰ্বে জাঁজীমুখৰ এই চাপৰিত গঢ়ি তোলা হৈছিল এই অৰণ্য । গছ থাকিলেহে মানুহ থাকিব,সেই কথা শিৰোগত কৰি জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ মিলনক্ষেত্ৰ ঐতিহাসিক জাঁজীমুখৰ এই বালিমাহী অৰণ্যত ফলমূলকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰি সমগ্ৰ পৰিবেশ সেউজীয়া তথা সুস্থ কৰিবলৈ চেষ্টা কৰিছে। এই অনুষ্ঠানত ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকি একোটাকৈ গছ পুলি ৰোপন কৰে।
 
শিৱসাগৰ জিলাতো উদযাপন কৰে বিশ্ব পৰিবেশ দিৱস ।পৰিবেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিভাগৰ কাৰ্যালয় সমূহৰ চৌহদত পৰিবেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপন কৰা হয়। ইয়াৰ উপৰিও বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ পৌৰসভাৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ যমুনাৰ দাঁতিত বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে । শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙৰ লগতে বহুকেইগৰাকী সমাজকৰ্মীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি একোটিকৈ গছপুলি ৰোপন কৰে।
 
 
তেজপুৰৰ আনহাতে শুক্ৰবাৰে বিশ্বনাথ গ্ৰীণ আচিয়ানা ৱেলফাৰ চ’চাইটি উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে।ৱেলফাৰ উদ্যোগত বিশ্বনাথৰ মোনাবাৰী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ দুয়ো কাষে ৫০০ জোপা বিভিন্ন ফল মূলৰ গছ পুলি ৰোপন কৰে আনহাতে ৱেলফাৰ সঞ্চালক কিশোৰ হাজৰিকাই জানিবলৈ দিয়া মতে পৰিৱেশ দিৱস লগত সংগতি ৰাখি অহা ১০ দিন ধৰি গছ পুলি ৰোপন কৰি হ’ব বুলি প্ৰকাশ কৰে।ইফালে পৰিবেশ দিৱস সংগতি ৰাখি বিশ্বনাথ চাৰিআলি সমিৰণ ইনফ্ৰাষ্টাকচাৰ প্ৰা: লি উদ্যোগত গছ পুলি ৰোপন বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ১০১ জোপা গছ পুলি ৰোপন কৰে ।আনহাতে শোণিতপুৰ জিলাতো বিশ্ব পৰিৱেশ উদযাপন কৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ।বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে  শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয় অন্তৰ্গত তেজপুৰ জাহাজ ঘাটৰ নগৰীয়া প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰটো উদযাপন কৰে।নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত গছ পুলি ৰোপন কৰে।স্বাস্থ্য বিষয়া ডাঃপ্ৰজ্ঞাশ্ৰী বৰাই সহযোগ কৰে স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য কৰ্মী সকলে।
খবৰ যুগুতালে হিমাশ্ৰী কলিতা,টীয়কৰ অমৃত দত্ত,শিৱসাগৰৰ দিলিস্তান খান আৰু তেজপুৰৰ পৰা ডিজিটেল প্ৰতিনিধিয়ে..

1 Comment
  1. যীচু হাজৰিকা says

    খুবেই আনন্দিত হ’লো মোৰ কৰ্মৰাজিৰ বাতৰিটো প্ৰকাশ কৰাৰ বাবে

Your email address will not be published.