বিমান পৰিবহণ সংস্থা পৱনহংসই অসমত মুঠ ৬ টা আকাশী পথেৰে বুধবাৰৰ পৰা আৰম্ভ কৰিব বিমান সেৱা

0 119

বিমান যাত্ৰীসকলৰ বাবে সুখবৰ।বিমান পৰিবহণ সংস্থা পৱনহংসই অসমত মুঠ ৬ টা আকাশী পথেৰে বুধবাৰৰ পৰা আৰম্ভ কৰিব বিমান চলাচল। উল্লেখ্য যে আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনহংসই দেশৰ মুঠ ৮৬ টা আকাশী পথৰে বিমান চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰথম পৰ্যায়ত পৱন হংসই ডিব্ৰুগড়-তেজপুৰ-যোৰহাট-তেজপুৰক সংযোগ কৰাৰ সমান্তৰলাকৈ গুৱাহাটী-তেজপুৰ-যোৰহাট- ডিব্ৰুগড়ক সংযোগ কৰিব। অৱশ্যে পৰৱৰ্তী সময়ত অৰুণাচলকো এই আঁচনিক সৈতে সংযোগ স্থাপন কৰা হ’ব।
মন কৰিবলগীয়া যে, দেশৰ অসমাৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ আৰ চি এছ উড়ানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দূৰৱৰ্তী স্থানসমূহৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.