নৱবৰ্ষৰ পহিলা দিনটোতে অসমলৈ অহা দেশী বিদেশী পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক কাৰ্যালয়ে।ভাৰত পৰ্যটনৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত পৰ্যটকৰ সুবিধাৰ্থে এটা পৰ্যটন কেন্দ্ৰ মুকলি কৰিছে।এই কেন্দ্ৰটো মুকলি কৰে বৰঝাৰ বিমান বন্দৰৰ যুটীয়া মহাপ্ৰৱন্ধক এম কে এছ বৰদলৈয়ে।এই উপলক্ষে ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সঞ্চালক দিলীপ কুমাৰ মণ্ডলে আঁত ধৰা চমু অনুষ্ঠানত এম কে এছ বৰদলৈয়ে কয় এতিয়াৰে পৰা অসমকে ধৰি উত্তৰ-পূূবৰ পৰ্যটনথলী ভ্ৰমনলৈ অহা দেশী বিদেশী পৰ্যটকে বিমানৰ পৰা নামিয়েই বৰঝাৰ বিমান বন্দৰৰ পৰ্যটন কেন্দ্ৰত পৰ্যটন ক্ষেত্রসমূহৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ভীমৰাচ যাদৱ,কাৰিকৰী প্ৰবন্ধক আশীষ শৰ্মা,ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ পৰ্যটন তথ্য বিষয়া মীৰাৰাণী দাসকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখ্য যে পৰ্যটকৰ সহায়ৰ বাবে মুকলি কৰা পৰ্যটন তথ্য কেন্দ্ৰটো এতিয়াৰে পৰা সপ্তাহটোৰ আটাইকেইদিন পুৱাৰে পৰা সন্ধিয়ালৈকে খোলা থাকিব।কেন্দ্রত উত্তৰ পূবৰ পৰ্যটনথলী সমূহৰ তথ্য থাকিব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি