বিমান বন্দৰত ক’ৰণা ভাইৰাছৰ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত

0 287

সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছ যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ বিয়পিব নোৱাৰে তাৰ বাবে উত্তৰ পূৱৰ সবাতকৈ বৃহত্তম বিমানবন্দৰ হিচাপে পৰিচিত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে ৷
বিশেষকৈ বিমান বন্দৰত বাহিৰৰ পৰা অহা সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সজাগতা মূলক শিবিৰ অনুষ্ঠিত কৰিছে ৷ আনহাতে ৪ মাৰ্চত বৰঝাৰ বিমান বন্দৰত নিকটৱৰ্তী পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্য্যোগ সামৰিক বাহিনী ( এন ডি আৰ এফ ) উদ্যোগত বৰঝাৰ বিমানবন্দৰত এক সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷
শিবিৰত বিমানবন্দৰ প্ৰাধিকৰণৰ উপৰি এয়াৰ ইণ্ডিয়া , কাৰ্গোকে ধৰি বিভিন্ন বিমান সেৱা সংস্থা মানুহৰ কৰ্মচাৰী সকলেও ভাগ লয় ৷ আনহাতে শিবিৰত প্ৰথমখন ডি আৰ এফৰ জেষ্ঠ চিকিৎসা বিষয়া ড° জি ই আজম টিৰ নেতৃত্বত এটা দলে ক’ৰণা ভাইৰাছৰ লক্ষণ , যাত্ৰীক পৰীক্ষা কৰাৰ পদ্ধতি মাস্ক পৰিধান আৰ্হি সন্দৰ্ভত প্ৰদৰ্শন কৰে ৷ ইয়াৰ উপৰিও শিবিৰত সহকাৰী কমাণ্ডেন্ট সুৰেন্দ্ৰ কুমাৰকে ধৰি এটা বিষয়া দলে সহযোগিতা আগবঢ়ায় ৷

Leave A Reply

Your email address will not be published.