বিলাসীপাৰাৰ অভিজিতলৈ বাৰ্ষিক শৈক্ষিক বৃত্তি -উৎফুল্লিত সহপাঠী ছাত্ৰ ছাত্ৰী

0 271

ধুবুৰী জিলাৰ বিলাসীপাৰাস্থিত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে। কিয়নো বিদ্যালয়খনৰ অভিজিত দাস নামৰ ছাত্ৰজনে বাৰ্ষিক বৃত্তি আজুৰি আনিবলৈ সক্ষম হৈছে। ছাত্ৰজনক বিদ্যালয়খনৰ সভাকক্ষত আয়োজিত এক  সভাত মানপত্ৰৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। সেয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসলৰ লগতে ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।
 
 
উল্লেখ্য যে, যোৱা বৰ্ষৰে পৰা বিশিষ্ট সমাজসেৱক, প্ৰাক্তন বিলাসীপাৰা চহৰৰ নগৰপালক তথা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সোঁৱৰণত তেখেতৰ জীয়ৰী কবিতা কলিতাই কৃতি শিক্ষাৰ্থীৰ মাজত এই বৃত্তি আগবঢ়াই আহিছে। গুৱাহাটীৰ কৃতি শিক্ষয়ত্ৰী হিচাপে খ্যাত কবিতাই আগবঢ়োৱা এই বৃত্তি আজুৰিবলৈ সক্ষম হয়। দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি অহা বিলাসীপাৰা ৮নং ৱাৰ্ডৰ অনিল দাসৰ পুত্ৰ অভিজিতে যোৱা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
মুঠ ৮৬ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰজনক এই বৃত্তি আগবঢ়াই দাতা পৰিয়ালটোয়ে সন্তুষ্টি লাভ কৰে মত প্ৰকাশ কৰে। বাৰ্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক তথা সমাজ সেৱক ডা:কানু লাল দাস,প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সহধৰ্মিনী তথা অবসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জলি বৰকলিতা, বিদ্যালয়খনৰ অধ্যক্ষ সাহানৰ ৰহমান, বিষয় শিক্ষক বেনুধৰ শৰ্মা, শিক্ষক আখতাৰ আলমকে ধৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল অংশগ্ৰহণ কৰে।
খবৰ যুগুতালে বিলাসীপাৰাৰ পৰা অমৃত চৌধুৰীয়ে..

Leave A Reply

Your email address will not be published.