বিশিষ্ট সমাজকৰ্মী প্ৰকাশ বৰগোহাঁইলৈ আন্ত:ৰাষ্ট্ৰীয় সন্মান

0 239

আজি নতুন দিল্লীৰ India International Centre ত বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু ভালেসংখ্যক দেশৰ প্ৰতিনিধিৰ উপস্থিতিত world Human Rights protection Commission ৰ উদ্যোগত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ আন্ত:ৰাষ্ট্ৰীয় ছেমিনাৰ আৰু বঁটা প্ৰদানৰ বিশেষ অনুষ্ঠান।আন্ত:ৰাষ্ট্ৰীয় এই সংস্থাটোৱে প্ৰতিবছৰে মানৱ অধিকাৰ, শিক্ষা আৰু সমাজৰ উন্নয়নত সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা বিশ্বৰ ভিন্ন প্ৰান্তৰ নিৰ্বাচিত ব্যক্তি বিশেষক এই সন্মান আৰু স্বীকৃতি প্ৰদানৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে।
চলিত ২০২১ বৰ্ষত এই অনুষ্ঠানটোৱে অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীৰ বিশিষ্ট সমাজকৰ্মী প্ৰকাশ বৰগোহাঁইক সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ লগতে world Human Rights Pritection commission ৰ আজীৱন সদস্যৰ স্বীকৃতি প্ৰদান কৰিছে।
উল্লেখযোগ্য যে প্ৰকাশ বৰগোহাঁই হৈছে আমেৰিকা নিউয়ৰ্কস্থিত এই সংস্থাটোৰ পৰা সন্মান আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা উজনি অসমৰ এগৰাকী সফল উদ্যোগী।কৰ্মক্ষেত্ৰত তেওঁ বৰ্তমান প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ পদমৰ্যাদাৰে চৰাইদেউ জিলাৰ শিশু কল্যান সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
বিগত দিনত শিক্ষা,কৃষিখণ্ড,গ্ৰাম্য অৰ্থনীতি, মহিলা সৱলীকৰণ, সংবাদ সেৱা তথা শিশু সুৰক্ষা আৰু অধিকাৰৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপ আৰু অনবদ্য বৰঙণি বাবেই এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।নিৰ্ধাৰিত কৰ্ম আঁচনিৰ সফল ৰূপায়ণ কৰি এই বঁটা আৰু সন্মান লাভ কৰা প্ৰকাশ বৰগোহাঁয়ে ৰাজ্য খনলৈ গৌৰৱৰ লগতে কঢ়িয়াই আনিছে আশা আৰু প্ৰেৰণাৰ সংবাদ।প্ৰকাশ বৰগোহাঁইৰ এই সফলতাত ৰাজ্য বাসীয়ে আনন্দ প্ৰকাশ কৰি গোহাঁইলৈ অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.