বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন

0 22

টপচেম চিমেন্টে গুৱাহাটী স্কুটাৰ মটৰচাইকেল গেৰাজ অ’নাৰ্ছ এচোছিয়েশ্যন (জি এচ এম জি অ’এ)ৰ সহযোগত আজি পুৰণি শ্রী শ্রী বিশ্বকৰ্মা মূৰ্ত্তি বিসৰ্জন অভিযান আয়োজন কৰে। বাৰ্ষিক এই তৎপৰতাৰ উদ্দেশ্য হৈছে শ্রী শ্রী বিশ্বকৰ্মাৰ পৰিতিক্ত মূৰ্ত্তি সংগ্রহ আৰু নিমজ্জিত কৰি মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বাহাল ৰখা।
২০১৪ চনৰ পৰা টপচেম চিমেন্ট আৰু জি এছ এম জি অ’ এ ই সামাজিক দায়বদ্ধতাৰ প্ৰতি তেওঁলোকৰ সমৰ্পিত মনোভাব প্ৰদৰ্শন কৰি যৌথভাবে এই কাৰ্য্যক্ৰম সমাপন কৰি আহিছে। মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ অধ্যক্ষ ড০ অনিল কাপুৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়টোত গুৰুত্ব দি অনুষ্ঠানটোৰ শুভাৰম্ভণী কৰে।পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়টো আমাৰ দৈনন্দিন জীৱনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ।এই প্ৰচেষ্টাত ব্ৰতী থাকিবলৈ আমি দায়বদ্ধ, ড০ অনিল কাপুৰে এইদৰে কয়। উল্লেখ্য যে বিগত বৰ্ষত এই প্ৰচেষ্টাত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা হাজাৰোধিক মূৰ্ত্তি সংগৃহীত হৈছিল।

জি এছ এম জি অ’এ ৰ অধ্যক্ষ, গৌতম পাঠকে টপচেম চিমেন্ট ৰ সহযোগিতা ৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে আৰু অনাগত ভৱিষ্যততো সহযোগিতা কামনা কৰে।পাঠকে কয় যে টপচেম চিমেন্টৰ সমৰ্থন প্রসংশনীয় আৰু আহি থকা সময়তো তেওঁলোকৰ সহযোগিতা কামনা কৰো।বিশ্বকৰ্মা পূজা বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থাপত্যবিদ ভগৱান শ্রী শ্রী বিশ্বকৰ্মাৰ বিশেষ পূজা।এই উৎসব মূলত:ঔদ্যোগিক এলেকা প্ৰযুক্তি-বানিজ্যিক প্ৰতিষ্ঠান আৰু কল-কাৰখানাত পালন কৰা হয়।
টপচেম চিমেন্টে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে জনসমুদায়ৰ কল্যাণৰ সৰ্বাধিক প্ৰাধান্য স্বীকাৰ কৰে।এই পদক্ষেপ তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পূর্ণ প্ৰতিশ্ৰুতি প্ৰদায়ক।বিশেষ অনুষ্ঠানটো আয়োজন কৰি টপচেম চিমেন্ট আৰু জি এছ এম জি অ’এ ই এক সামাজিক সজাগতা সৃষ্টি কৰাৰ সমান্তৰালকৈ জীৱনৰ বিভিন্ন ক্ষেত্র,প্ৰতিষ্ঠান আৰু সংগঠনসমূহৰ পৰা অধিক অংশগ্রহণ বিষয়ক উৎসাহ আশা কৰিছে।

Leave A Reply

Your email address will not be published.